ETV Bharat / city

No Assamese language in APSC : কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে অজাপৰ প্ৰতিবাদ - AJP protest against cabinet decision

বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট(Assam Cabinet Meeting At Bongaigaon)ত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বাধ্যতামূলকভাৱে থকা অসমীয়া ভাষাক আঁতৰাই দিয়াৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি অসম জাতীয় পৰিষদে বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে (AJP protest against cabinet decision)।

Protest against cabinet decision
কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে অজাপৰ প্ৰতিবাদ
author img

By

Published : Nov 25, 2021, 9:57 PM IST

গুৱাহাটী, 25 নৱেম্বৰ : বঙাইগাঁৱত যোৱা বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট(Assam Cabinet Meeting At Bongaigaon)ত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বাধ্যতামূলকভাৱে থকা অসমীয়া ভাষাক আঁতৰাই দিয়াৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ (Assamese language to be removed from APSC) বিৰোধিতা কৰি অসম জাতীয় পৰিষদে বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিবাদ সাবস্ত কৰে ।

প্ৰতিবাদকাৰীসকলে কেবিনেটত অসম লোকসেৱা আয়োগ(Assam Public Service Commission)ৰ পৰীক্ষাত বাধ্যতামূলকভাৱে থকা অসমীয়া ভাষাক আঁতৰাই দিয়াৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতিলিপি ৰাজপথত দাহ কৰি প্ৰতিবাদ সাৱস্ত কৰে । কাৰ্যসূচীত অংশ লৈ অসম জাতীয় পৰিষদ(Assam Jatiya Parishad)ৰ সাংগঠনিক সম্পাদক অমিতাভ বৰঠাকুৰে কয় যে কেবিনেটত হোৱা সিদ্ধান্ত মৰ্মে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বাধ্যতামূলকভাৱে থকা অসমীয়া ভাষাক আঁতৰাই দিয়া হৈছে । এয়া অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ বাবে চূড়ান্ত অপমানজনক কথা ।

কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে অজাপৰ প্ৰতিবাদ

লগতে তেওঁ অভিযোগ কৰি কয় যে, বি জে পি চৰকাৰে অসমীয়া জাতিক চিৰদিনৰ বাবে ধ্বংস কৰাৰ চক্ৰান্ত কৰিছে । অসমীয়া জাতি যুঁজাৰু জাতি বাবে বিজেপিয়ে অসমৰ আঞ্চলিকতাবাদক ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে । বিজেপি চৰকাৰৰ এই চক্ৰান্তক ধিক্কাৰ জনাই অমিতাভ বৰঠাকুৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষা সম্পৰ্কত গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায় ।

লগতে পঢ়ক: Assam Cabinet decision : অসমৰ ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব অতিৰিক্ত ছুটী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.