ETV Bharat / city

কেবিনেটত গৃহীত কেবঃ প্ৰতিবাদত জ্বলিছে ৰাজ্য

author img

By

Published : Dec 4, 2019, 11:31 PM IST

জাতিধংসী কেবৰ বিৰুদ্ধে আছু, যুৱ ছাত্ৰ পৰিষদ, এন এছ ইউ আইকে আদি কৰি জাতীয় দল সংগঠনৰ প্ৰতিবাদত উত্তাল ৰাজ্য ৷ জাতিৰ কফিনত অন্তিমটো গজাল মাৰিবলৈ সাজু কেন্দ্ৰীয় চৰকাৰ ৷ 9 ডিচেম্বৰত সদনত উত্থাপিত হ'ব কেব ৷

কেবিনেটত গৃহীত কেব: প্ৰতিবাদত জ্বলিছে ৰাজ্য

নিউজ ডেস্ক, 4 ডিচেম্বৰঃ বুধবাৰে মোদীৰ কেবিনেটত গৃহীত হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ গৃহমন্ত্ৰীৰ সমুখত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি 9 জাতীয় সংগঠনে কেব বিৰোধী স্থিতিত অটল হৈ থকাৰ পাছতো ৰাইজৰ প্ৰতিবাদ বুজি নোপোৱা মোদী চৰকাৰৰ কেবিনেটে গৃহীত কৰিলে কেব ৷ ইয়াৰ পাছতে বুধবাৰে প্ৰতিবাদত উত্তাল হৈ পৰিল ৰাজ্যৰ বিভিন্ন প্ৰান্ত ৷ ৰাজ্যৰ উজনি নামনি সৰ্বতে কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি আন বিভিন্ন জাতীয় দল সংগঠনে ৷

ডিব্ৰুগড়ত এসময়ত নিজ ৰাজনৈতিক জীৱনৰ পাতনি মেলা ডিব্ৰুগড় বিশ্ববিদ্যালয়তে মুখ্যমন্ত্ৰী তথা বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰিলে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ লগতে বিশ্ববিদ্যালয়ৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দাহ কৰিলে কেব আনি অসমীয়াক ধংস কৰিব খোজা বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব আৰু ক্ষমতাৰ ৰাগীত জাতি বিক্ৰী কৰা অগপৰ মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি ৷

সমান্তৰালভাৱে ৰাজ্যৰ আন প্ৰান্তটো সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে আন আন জাতীয় দল-সংগঠনৰ নেতৃত্বত জাতিধংসী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ ৷ মহানগৰীত বিধেয়ক বাতিলৰ দাবীত ছহিদ ন্যাসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰি আছুৱে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ ইফালে নাৰেংগীটো কোনো কাৰণত কেব মানি নোলোৱাৰ হুংকাৰৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ একেদৰে যোৰহাটতো কেবৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আই ৷

গোলাঘাটতো নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ৩ ঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে৷ মেৰাপানীত নৰেন্দ্ৰ মোদী গ বেক,সৰ্বানন্দ সোণোৱালৰ লাজ নাই, কেব বাতিল কৰক ধ্বনিৰে আছুৱে উত্তাল কৰি তুলিলে গোলাঘাটৰ আকাশ বতাহ ৷ ঠিক সেইদৰে বাক্সাৰ তামুলপুৰ, নলবাৰী, সৰুপথাৰ, টিহু, লখিমপুৰ, জামুগুৰি, গড়গাঁও, তিনিচুকীয়াত, আছুৰ নেতৃত্বত কেবৰ বিৰুদ্ধে সাব্যস্ত কৰা হল উত্তাল প্ৰতিবাদ ৷ চৰকাৰক ছাত্ৰ সংগঠনটোৰ স্পষ্ট হুংকাৰ কেব বাতিল কৰক অন্যথা অসম আন্দোলনত কৈয়ো অধিক ভয়াবহ হব পৰিস্থিতি৷ এই সন্দৰ্ভত চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন ৷

আৰু পঢ়কঃ কেব গৃহীত হোৱাৰ পাচতহে পদক্ষেপ গ্ৰহণ কৰিব অসম গণ পৰিষদে !

Intro:আজিও বাক্সাৰ তামুলপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ উত্তাল প্ৰতিবাদ ।

Body:নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত তামুলপুৰত আছুৰ প্ৰতিবাদ। বধুবাৰেও ৰঙিয়া - ভূটান ৰাষ্ট্ৰীয় ঘাইপথত তামুলপুৰ আছুই উত্তাল প্ৰতিবাদী সমদল । সমদলটোত আছুৱে বিক্ষোভ কাৰ্যসুচী ৰূপায়ণ কৰাৰ লগতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হয় । আছুই কোনোপধ্যেই কেব মানি নলয় ৷ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী দ্বাৰা সকীয়নি প্ৰদান কৰি কোনো কাৰণতে CAB নামানো বুলি হুংকাৰ প্ৰদান কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে । প্ৰতিবাদী কাৰ্যসূচীত বাক্সা জিলা আছুৰ সভাপতি গোবিন্দ শৰণীয়া, তামুলপুৰ মহকুমা ছাত্ৰ সন্থাকে ধৰি কেবাখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰি হাতে হাতে প্লেকাৰ্ড লৈ কেব আমি নামানো ভাৰত চৰকাৰ হায় হায়, অমিত শ্বাহ মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অগপ হুচিয়াৰ, অতুল বৰা হুচিয়াৰ, আছু জিন্দাবাদ আদি ধ্বনি দি তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে ৷
Conclusion: এই কাৰ্যসূচীত তামুলপুৰ মহকুমা ই ৰিক্সা সন্থাই সম্পূৰ্ণ সহযোগ কৰে ৷ উক্ত সমদল টো আছুৰ কাৰ্যলয়ৰ পৰা তামুলপুৰ বজাৰলৈ গৈ পুনৰ আছুৰ কাৰ্যলয়ত সামৰনি পেলায় ৷ ঘগ্ৰাচকত আছুই এখন পথ সভা অনুষ্ঠিত কৰি কেবৰ বিৰোধিতা কৰে ৷

ভাষ্য : গোবিন্দ শৰণীয়া সভাপতি বাক্সা জিলা আছু নেতা।

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.