গুৱাহাটী, ৪ ডিচেম্বৰ : Central Association of Private Security Industry চমুকৈ CAPSIয়ে সমগ্ৰ দেশতে 4 নৱেম্বৰ দিনটো Private Security Day(ব্যক্তিগত সুৰক্ষা দিৱস) হিচাপে পালন কৰে । অসমতো পোন প্ৰথমবাৰৰ বাবে CAPSI ৰ অসম শাখাই মহানগৰীৰ বোন্দাৰ সুৰুজ নগৰত এই দিনটো উদযাপন কৰে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি CAPSI ৰ অসম শাখাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত কৰ্ণেল ডি কে চক্ৰৱৰ্তীয়ে সমগ্ৰ দেশত প্ৰায় ৯০ লাখ যুৱক যুৱতীয়ে নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত হৈ থকাৰ কথা জানিবলৈ দিয়ে ।
চক্ৰৱৰ্তীয়ে সদৰি কৰা অনুসৰি অসমত ব্যক্তিগত নিৰাপত্তাৰক্ষী সংখ্যা ডেৰ লাখৰো অধিক আৰু ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা দিয়াই হৈছে নিৰাপত্তাৰক্ষীৰ মূল কৰ্তব্য । সেয়ে সকলোকে সততা আৰু নিষ্ঠাৰ সহকাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পাদন কৰিবলৈ আহ্বান জনায় চক্ৰৱৰ্তীয়ে । তেওঁ লগতে কয় যে, বিগত সময়চোৱাত ক’ৰণাৰ ভয়াৱহতাৰ মাজতো নিজৰ জীৱনক তুচ্ছ কৰি নিৰাপত্তাৰক্ষীসকলে কৰ্তব্য পালন কৰি গৈছে । তাৰবাবে তেওঁ নিৰাপত্তাৰক্ষীসকলক ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠান CAPSI ৰ সাধাৰণ সম্পাদক মেজৰ সুৰজিত বৰ্মন, যুটীয়া সম্পাদক কুলেন বৈশ্য, কাৰ্যকৰী সদস্য দ্বীপেন্দ্ৰ জিৎ তালুকদাৰকে ধৰি CAPSI ৰ অসম শাখাৰ কেইবাজনো বিষয়ববীয়া তথা ১২ টা চিকিউৰিটি এজেঞ্চিৰ প্ৰতিনিধি উপস্থিত থাকে ।
উল্লেখ্য যে, ২০০৯ চনৰ ৪ ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটোত তদানীন্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলৰ উপস্থিতিত নতুন দিল্লীত CAPSI ৰ এক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল । সেই বাৰ্ষিক অধিবেশনতে CAPSI ৰ ফালৰ পৰা ৰাষ্ট্ৰপতিলৈ এক আবেদন পত্ৰ প্ৰদান কৰিছিল আৰু সেই আবেদন পত্ৰখনৰ ভিত্তিত ৰাষ্ট্ৰপতিগৰাকীয়ে CAPSI ক আশ্বাস প্ৰদান কৰিছিল যে, দেশৰ ব্যক্তিগত সুৰক্ষা কৰ্মীসকলৰ তথা প্ৰতিষ্ঠানৰ প্ৰয়োজনীয় সকলো সা সুবিধা পূৰণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব । তেতিয়াৰে পৰা প্ৰতি বছৰে সমগ্ৰ ভাৰতবর্ষতে আজিৰ দিনটোত CAPSI য়ে ব্যক্তিগত সুৰক্ষা দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ।
লগতে পঢ়ক : Amit Shah to Visit Jaisalmer: BSFৰ প্ৰতিষ্ঠা দিৱসত অংশ ল'ব মন্ত্ৰীগৰাকীয়ে