ETV Bharat / city

এমাহৰ ভিতৰত শ্বহীদৰ পৰিয়ালক দিব লাগিব ন্যায়! - ৰিপুন বৰা

কা' আন্দোলনত শ্বহীদ হোৱা লোকসকলৰ ন্যায়ৰ বাবে সংবাদমেল কংগ্ৰেছৰ আইন বিভাগৰ অধ্যক্ষ নিৰণ বৰাৰ ৷ চৰকাৰে এই সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ অধ্যক্ষগৰাকীৰ ৷ ইপিনে আয়োগে এমাহৰ ভিতৰত শ্বহীদ সকলক ন্যায় দিবলৈ কৰা শুনানীৰ পাছতে অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে এই প্ৰতিক্ৰীয়া ৷

pressmeet_guwahati-niran bora
এমাহৰ ভিতৰত শ্বহীদৰ পৰিয়ালক দিব লাগিব ন্যায়!
author img

By

Published : Sep 15, 2020, 9:46 PM IST

গুৱাহাটী,15ছেপ্টেম্বৰ : কা' আন্দোলনত শ্বহীদ হোৱা সকলক ন্যায় প্ৰদানৰ দাবীত মংগলবাৰে গুৱাহাটী মহানগৰীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ আইন বিভাগৰ অধ্যক্ষ নিৰণ বৰাই সম্বোধন কৰে এখন সংবাদমেল ৷ সংবাদমেলত কা আন্দোলনৰ শ্বহীদক ন্যায়ৰ বাবে মানৱ অধিকাৰ আয়োগত তৰা গোচৰৰ শুনানি, পঞ্চ শ্বহীদৰ মৃত্যু সম্পৰ্কত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো আজিলৈ প্ৰতিবেদন দাখিল নকৰাকলৈ ক্ষোভ প্ৰকাশ কৰে অধ্যক্ষ বৰাই ৷

এমাহৰ ভিতৰত শ্বহীদৰ পৰিয়ালক দিব লাগিব ন্যায়!

উল্লেখ্য যে,শ্বহীদ সকলক ন্যায় প্ৰদানৰ বাবে 13 জানুৱাৰী,30 জানুৱাৰী 20 আৰু 25 ফেব্ৰুৱাৰীত শুনানি অনুষ্ঠিত কৰি বাৰম্বাৰ তদন্তৰ প্ৰতিবেদন অসম চৰকাৰক দাখিল কৰিবলৈ দিয়াৰ পিছতো চৰকাৰে দিয়া নাছিল গুৰুত্ব । অৱশেষত 14 ছেপ্টেম্বৰত পুনৰ অনুষ্ঠিত হয় শুনানি আৰু এই শুনানীৰ দ্বাৰা চৰকাৰক এমাহৰ সময়সীমা প্ৰদান কৰে আয়োগে ৷ এই এমাহৰ ভিতৰত যদি চৰকাৰে ঘটনাৰ তদন্তৰ প্ৰতিবেদন নিদিয়ে তেন্তে ক্ষতিপূৰণ দিব লাগিব শ্বহীদৰ পৰিয়ালক ৷ সদ্যহতে 18 বছৰ উৰ্ধৰ শ্বহীদ ঈশ্বৰ নায়ক আৰু আব্দুল আলিমৰ পৰিয়ালক প্ৰদান কৰা হয় 3 লাখ টকাৰ ক্ষতিপূৰণ ৷ ইয়াৰ লগতে,18 বছৰ অনুৰ্ধৰ শ্বহীদ দিপাঞ্জল দাস আৰু শ্বহীদ চেম ষ্টেফৰ্ডৰ পৰিয়ালক দিয়া হয় 2 লাখ টকাৰ ক্ষতিপূৰণ ৷

অন্য এক খবৰৰ বাবে: কোনে ধ্বংসৰ গৰাহলৈ থেলি নিছে যুৱ-প্ৰজন্মক ?

পঞ্চ শ্বহীদৰ পৰিয়ালক ন্যায় প্ৰদানৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ৰিপুন বৰাই তৰা গোচৰৰ শুনানিত এই নিৰ্দেশ প্ৰদান কৰে আদালতৰ । দোষী আৰক্ষী বিষয়াৰ শাস্তিৰ লগতে শ্বহীদৰ পৰিয়ালক 20 লাখ টকাকৈ ক্ষতিপূৰণৰ দাবীৰে তৰা হৈছিল এই গোচৰ ৷ অহা 16 নৱেম্বৰত অনুষ্ঠিত হ'ব গোচৰটোৰ পৰৱৰ্তী শুনানি ৷ ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ আইন বিভাগৰ অধ্যক্ষ নিৰণ বৰাই প্ৰকাশ কৰে এই কথা । ইপিনে কা আন্দোলনত মৃত্যু হোৱা ডিব্ৰুগড়ৰ দিজেন্দ্ৰ পাংগিঙৰ মৰুণোত্তৰ পৰীক্ষা সম্পন্ন নোহোৱাৰ বাবে তদন্তৰ প্ৰতিবেদন দিব পৰা নাযাব বুলি দিয়া প্ৰতিবেদন সম্পৰ্কত ক্ষোভ প্ৰকাশ কৰে অধ্যক্ষ গৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.