ETV Bharat / city

লাভলীনাৰ বিজয় কামনাৰে নেহৰু ষ্টেডিয়ামত মুখ্যমন্ত্রীৰ বন্তি প্ৰজ্বলন - ৰাজহ মন্ত্ৰী যোগেন মহন

বুধবাৰে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে টকিঅ’ অলিম্পিক (Tokyo Olympics)ৰ বক্সিঙৰ ছেমিফাইনেলত অৱতীৰ্ণ হ’ব ৷ যাক লৈ উৎসুক প্ৰতিজন অসমীয়া ৷ লাভলীনাক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে বুধবাৰে পুৱা নিজগৃহত এগছিকৈ বন্তি প্ৰজ্বলনেৰে লাভলীনা বৰগোহাঁইৰ হৈ প্ৰার্থনা জনাবলৈ মুখ্যমন্ত্ৰীয়ে অসমবাসী ৰাইজক আহ্বান জনায় ।

pray for lovlina
নেহৰু ষ্টেডিয়ামত মুখ্যমন্ত্রীৰ বন্তি প্ৰজ্বলন
author img

By

Published : Aug 4, 2021, 7:37 AM IST

গুৱাহাটী,4 আগষ্ট : শ্বাসৰুদ্ধ অসমবাসী ৷ মাত্ৰ আৰু কেইটামান ক্ষণৰ পাচতে অসম কন্যা লাভলীনা বৰগোঁহাই সোমাব বক্সিঙৰ ৰিঙত ৷ আজি অৰ্থাৎ বুধবাৰে দিনৰ 11 বজাত অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক(Tokyo Olympics)ৰ মহিলাৰ বক্সিঙৰ 69 কেজিৰ ছেমিফাইনেল ৷ অসমৰ হৈ অলিম্পিকত ইতিহাস ৰচা অসমৰ প্ৰথম মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইৰ বাবে আজি এক বিশেষ দিন ৷

এই বিশেষ দিনটোৰ প্ৰাকঃসন্ধ্যা অৰ্থাৎ মঙলবাৰে সন্ধ্যা খেলুৱৈগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ বিজয় কামনাৰে নেহৰু ষ্টেডিয়ামত এক বিশেষ বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ আয়োজন কৰা হয় । বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । লৌহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ প্ৰতিমূৰ্তিৰ সন্মুখত এগছি বন্তি প্ৰজ্বলনেৰে মুখ্যমন্ত্ৰীয়ে এই কার্যসূচীৰ শুভাৰম্ভ কৰে ।

prayer for lovlina
মুখ্যমন্ত্রীৰ বন্তি প্ৰজ্বলন

এই অনুষ্ঠানত উপস্থিত থকা খেলুৱৈসকলৰ সৈতেও বার্তালাপ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, বুধবাৰে পুৱা ১১ বজাত ছেমি ফাইনেলত অৱতীৰ্ণ হ'বলগীয়া অসম জীয়ৰী লাভলীনা বৰগোহাঁইৰ বিজয় কামনাৰে মঙবাৰে এই বিশেষ কার্যসূচী হাতত লোৱা হৈছে ।

লগতে পঢ়ক: লাভলীনাৰ জয়ৰ কামনাৰে সৰুপথাৰৰ বাৰখেলীয়া নামঘৰত নাম-প্ৰসংগ

বুধবাৰৰ এই বিশেষ দিনটোৰ পুৱা নিজগৃহত এগছিকৈ বন্তি প্ৰজ্বলনেৰে লাভলীনা বৰগোহাঁইৰ হৈ প্ৰার্থনা জনাবলৈ তেওঁ অসমবাসী ৰাইজক আহ্বান জনায় । মঙলবাৰৰ এই কাৰ্যসূচীত ক্ৰীড়া মন্ত্ৰী বিমল বৰা, জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘল, ৰাজহ মন্ত্ৰী যোগেন মহনৰ উপৰিও কেইবাগৰাকী বিধায়কৰ লগতে অসম অলিম্পিক সন্থা তথা ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিষয়ববীয়াসকলকে ধৰি প্ৰশাসনৰ শীর্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে ।

prayer for lovlinapray for lovlina
লাভলীনাক লৈ আশাবাদী অসমবাসী

উল্লেখ যে, ৰাজ্যজুৰি লাভলীনা বৰগোঁহাইৰ বিজয় কামনাৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে । কোনোবাই যদি বলুকাত লাভলীনাৰ প্ৰতিচ্ছবি অংকন কৰি জনাইছে শুভেচ্ছা, আন কোনোৱে আকৌ শৰীৰ তথা দেৱালত অংকন কৰিছে অসম কন্যাৰ ছবি, কোনোৱে আকৌ চ’চিয়েল মেডিয়াৰ জৰিয়তেও জনাইছে বক্সাৰ লাভলীনাক শুভেচ্ছা ৷

লগতে পঢ়ক: গাভৰু নৈৰ বলুকা ৰাশিত জিলিকিছে লাভলীনা বৰগোঁহাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.