ETV Bharat / city

জনবিষ্ফোৰণ ৰোধৰ বাবে আইন প্ৰণয়নৰ আহ্বান জনসংখ্যা সমাধান ফাউণ্ডেচনৰ - Population explosion in India

বিশ্বৰ ভূ-ভাগৰ ২.৪ শতাংশৰ ভাৰতত সমগ্ৰ বিশ্বৰ মুঠ ৭৯০ কোটি জনসংখ্যাৰ ১৭.৭৪ শতাংশ অৰ্থাৎ ১৪০ কোটিৰো অধিক জনসংখ্যাই বাস কৰিছে (Population of India)। কিন্তু ভাৰতৰ ভূ-ভাগৰ আধাৰত দেশৰ জনসংখ্যা ২০ কোটিৰ অধিক হোৱা উচিত নহয় । সেয়েহে জনসংখ্যা নিয়ন্ত্ৰণ আইন ৰূপায়ণ (Population control act) কৰাৰ আহ্বান জনাইছে জনসংখ্যা সমাধান ফাউণ্ডেচনে ।

implementation of population control act

author img

By

Published : Jul 11, 2022, 9:16 PM IST

গুৱাহাটী, ১১ জুলাই : জাতি ধৰ্ম ক্ষেত্ৰ আৰু ভাষাৰ বান্ধোনৰ উৰ্ধত জনবিষ্ফোৰণৰ সমস্যা সমাধানৰ বাবে আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক আহ্বান জনসংখ্যা সমাধান ফাউণ্ডেচনৰ (Implementation of population control act) । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত ফাউণ্ডেচনৰ ৰাজ্যিক অধ্যক্ষ হৰেন্দ্ৰ বৰাই কয় যে, দেশত জনবিষ্ফোৰণৰ ফলত পৰমাণু যুদ্ধৰ সংকটকৈ অধিক ভয়াৱহ হৈ পৰিছে (Population explosion in India)।

জনবিষ্ফোৰণ ৰোধৰ বাবে আইন প্ৰণয়নৰ আহ্বান জনসংখ্যা সমাধান ফাউণ্ডেচনৰ

বিশ্বৰ ভূ-ভাগৰ ২.৪ শতাংশৰ ভাৰতত সমগ্ৰ বিশ্বৰ মুঠ ৭৯০ কোটি জনসংখ্যাৰ ১৭.৭৪ শতাংশ অৰ্থাৎ ১৪০ কোটিৰো অধিক জনসংখ্যাই বাস কৰিছে । কিন্তু ভাৰতৰ ভূ-ভাগৰ আধাৰত দেশৰ জনসংখ্যা ২০ কোটিৰ অধিক হোৱা উচিত নহয় (Population of India)। ভাৰতৰ কম ক্ষেত্ৰফলত অধিক জনসংখ্যা হোৱাৰ বাবেই ইয়াত উপলব্ধ সীমিত পৰিমাণৰ প্ৰাকৃতিক সম্পদ তীব্ৰ গতিত হ্ৰাস পাইছে । সেয়েহে জনসংখ্যা নিয়ন্ত্ৰণ আইন (Population control act) ৰূপায়ণ কৰাৰ আহ্বান জনাইছে জনসংখ্যা সমাধান ফাউণ্ডেচনে ।

তেওঁলোকৰ মতে, এই আইনৰ সকলো দণ্ডাত্মক প্ৰাৱধান আইন অধিসূচিত হোৱা তাৰিখৰ এবছৰৰ পিছত আইন ভংগ কৰি দুটা জীৱিত সন্তানৰ পিছতো অধিক সন্তান জন্ম দিয়া পিতৃ-মাতৃৰ ক্ষেত্ৰত বলবৎ হ’ব লাগে (Two child policy) ৷ জনসংখ্যা নিয়ন্ত্ৰণ আইন এবাৰ উলংঘন কৰাৰ পিছত পুনৰ উলংঘা কৰিলে তেনে পিতৃ-মাতৃক ১০ বছৰ জেল খটোৱাৰ ব্যৱস্থা কৰাকে ধৰি মুঠ ১১ টা দাবীৰে আইন প্ৰণয়ণ কৰিবলৈ চৰকাৰক আহ্বান জনসংখ্যা সমাধান ফাউণ্ডেচনৰ । সংবাদমেলৰ শেষত ১১ টা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : World Population Day: জনসংখ্যা ৰোধৰ বাবে চৰকাৰক আইন প্ৰণয়নৰ দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.