ETV Bharat / city

তিক্ততাপূৰ্ণ অভিজ্ঞতা লৈ গুৱাহাটী এৰিলে ভাৰত-শ্ৰীলংকাৰ ক্ৰিকেটাৰে - অসম ত্যাগ কৰিলে ভাৰত-শ্ৰীলংকাৰ ক্ৰিকেটাৰে

গুৱাহাটীত এক তিক্ততাপূৰ্ণ অভিজ্ঞতা লাভৰ পাচতে অসম এৰিলে দুয়ো দলৰ ক্ৰিকেটাৰে ৷ দেওবাৰৰ টি-20 মেচ বৰষুণৰ বাবে বাতিল কৰা হয় ৷

বিঘ্নিত প্ৰথম টি-20
গুৱাহাটী এৰিলে ভাৰত-শ্ৰীলংকাৰ ক্ৰিকেটাৰে
author img

By

Published : Jan 6, 2020, 9:17 PM IST

গুৱাহাটী, 6 জানুৱাৰীঃ দেওবাৰৰ তিক্ততাপূৰ্ণ অভিজ্ঞতা লৈ অসমৰ পৰা প্ৰস্থান কৰিলে ভাৰত আৰু শ্ৰীলংকা ক্ৰিকেট দলে ৷ সোমবাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ৰ পৰা দুয়ো দলক বৰঝাৰ বিমানবন্দৰলৈ লৈ যোৱা হয় ৷ ইয়াৰ পাচতে বিশেষ বিমানযোগে দুয়ো দলৰ ক্ৰিকেটাৰসকল ৰাওনা হয় ৷

গুৱাহাটী এৰিলে ভাৰত-শ্ৰীলংকাৰ ক্ৰিকেটাৰে

উল্লেখ্য যে, দেওবাৰে ভাৰত-শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'বলগা প্ৰথমখন টি-20 বৰষুণৰ বাবে বাতিল কৰিব লগা হয় ৷ অসম ক্ৰিকেট সন্থাৰ অবিবেচকী কাণ্ডৰ বাবে বৰ্ষাপাৰাৰ বৰষুণৰ পানী শুকুৱাবলৈ হেয়াৰ ড্ৰায়াৰ, ইষ্ট্ৰি, ভেকুম ক্লীনাৰ ব্যৱহাৰ কৰিবলগা হোৱা কাণ্ডই উন্নয়নৰ নমুনা দাঙি ধৰে ৷ অনুন্নত আন্তঃগাঁঠনিৰে আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰিবলৈ আগবঢ়া বাবে এতিয়া সকলোৰে হাঁহিয়াতৰ পাত্ৰ হৈছে অসম ক্ৰিকেট সন্থা ৷

আৰু পঢ়ক : অকৰ্মণ্য অসম ক্ৰীড়া সংস্থাঃ লজ্জানত অসমবাসী

Intro:আচৰিত! আশ্চৰ্যকৰ আৰু দায়িত্বজ্ঞানহীন কাণ্ড। অসম ক্ৰিকেট সন্থাৰ অবিবেচকী কাণ্ডৰ বাবে আজি চৰমভাৱে লজ্জাজনত অসম। যাৱতীয় প্ৰস্তুতি অবিহনেই আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰিবলৈ গৈ বিশ্ববাসীৰ আগত হাঁহিয়াতৰ পাত্ৰ হ'ল অসম ক্ৰিকেট সন্থা। এজাক বৰষুণতে স্বৰূপ উদঙিলে উন্নয়নৰ নমুনা। দেওবাৰে বৰ্ষাপাৰাৰ পানী শুকুৱাবলৈ হেয়াৰ ড্ৰায়াৰ আৰু ইষ্ট্ৰি ব্যৱহাৰ কৰি উন্নয়নৰ নমুনা বিশ্ববাসীৰ আগত দাঙি ধৰিলে অসম ক্ৰিকেট সন্থাই। এনে কিছু নোহোৱা নোপোজা ঘটনাৰ সাক্ষী হৈ সোমবাৰে গুৱাহাটী এৰিলে ভাৰত আৰু শ্ৰীলংকাৰ ক্ৰিকেট দলে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজৰে জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ নিয়া হয় দলদুটাক। তাৰ পিছত বিশেষ বিমানযোগে ঘৰলৈ ৰাওনা হয় ভাৰত আৰু শ্ৰীলংকাৰ ক্ৰিকেটাৰসকল। উল্লেখযোগ্য যে শৃংখলাৰ প্ৰথমখন মেচতে এনেদৰে তিক্ততাপূৰ্ণ অভিজ্ঞতাৰ সম্মুখীন হ'ল দলদুটা। অনুন্নত আন্তঃগাঁঠনিৰে আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰা কাৰ্যকলৈ চৌহদে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। Body:Hirul Haque Conclusion:Guwahati

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.