ETV Bharat / city

চিৰাঙ আৰু আমিনগাঁৱত বৃক্ষৰোপণ কাৰ্যসূচী - PLANTATION PROGRAM AT AMINGAON AND CHIRANG

চিৰাঙ আৰু আমিনগাঁৱত বৃক্ষৰোপণ কাৰ্যসূচী। জাপানৰ আকিৰা মিকাউমি পদ্ধতিত ৰাজ্যত প্ৰথমবাৰৰ বাবে বৃহৎ পৰিমাণৰ বৃক্ষ ৰোপণ কৰি চমক সৃষ্টি কৰে গুৱাহাটী ৰিফেইনেৰি কতৃপক্ষই ৷ আনহাতে, বুধবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱতো কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত স্বচ্ছতা আৰু অৰন্যায়ণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷

চিৰাঙ আৰু আমিনগাঁৱত বৃক্ষৰোপণ কাৰ্যসূচী
author img

By

Published : Aug 29, 2019, 3:14 AM IST

নিউজ ডেস্ক, 28 আগষ্টঃ জাপানীজ পদ্ধতিত গছ পুলি ৰোপণ কামৰূপৰ আমিনগাঁওত ৷ জাপানৰ আকিৰা মিকাউমি পদ্ধতিত ৰাজ্যত প্ৰথমবাৰৰ বাবে বৃহৎ পৰিমাণৰ বৃক্ষ ৰোপণ কৰি চমক সৃষ্টি কৰে গুৱাহাটী ৰিফেইনেৰি কতৃপক্ষই ৷ দুই ফুটৰ ব্যৱধানত ৰোপণ কৰা হয় পাঁচ হাজাৰ গছ পুলি ৷ উক্ত বৃক্ষৰোপন কাৰ্যসূচীত উপস্থিত থাকি বন মন্ত্ৰী পৰিমাল শুক্লবৈদ্যই ছাত্ৰ-ছাত্ৰীক মোবাইলত সময় অপচয় কৰাতকৈ বৃক্ষৰোপণ কৰাৰ বাবে আহ্বান জনায় ৷ এই বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত, ৰাজহ চক্ৰৰ কৰ্মচাৰীৰ লগতে গুৱাহাটী তেল শোধনাগাৰৰ বিষয়া কৰ্মচাৰী ।

চিৰাঙ আৰু আমিনগাঁৱত বৃক্ষৰোপণ কাৰ্যসূচী
আনহাতে, আজি চিৰাং জিলা সদৰ কাজলগাঁৱতো কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাকক্ষত আয়োজিত এক অনুস্থানত স্বচ্ছতা আৰু অৰন্যায়ণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ অনুস্থানৰ বন্তি প্ৰজ্বলন কৰে জিলা উপায়ুক্ত গৌতম তালুকদাৰে ৷ উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতি, বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱন্ধক সকলৰ ভাৰপ্ৰাপ্ত অমৰেন্দ্ৰ কলিতা, মুখ্য প্ৰৱন্ধক ভাস্কৰ হাজৰিকা, কাজলগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰৱক্তা ড৹ কামেশ্বৰ দাস সহ বিভিন্ন বিদ্যালয় - মহাবিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী, চিৰাং জিলাৰ বিভিন্ন গ্ৰামাঞ্চলৰ মুৰব্বীসকলৰ লগতে বঙাইগাঁও শোধনাগাৰৰ বিষয়া কৰ্মচাৰী আৰু বিভিন্ন স্তৰৰ লোক ৷
চিৰাঙ আৰু আমিনগাঁৱত বৃক্ষৰোপণ কাৰ্যসূচী
উক্ত অনুস্থানত জাতিৰ পিতা মহাত্মা গান্ধীৰ স্বচ্ছতাৰ শপত বাক্য পাঠ কৰায় বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱন্ধক সকলৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰেন্দ্ৰ কলিতাই । তাৰ পাচতে অমৰেন্দ্ৰ কলিতাই স্বচ্ছতা আৰু সাম্প্ৰতিক বিশ্বত উষ্ণতা বৃদ্ধিৰ এই সময়ত অৰন্যায়নৰ গুৰুত্বৰ ওপৰত ভাষণ দিয়ে ৷ একেদৰেই আৰক্ষী অধীক্ষক সুধাকৰ সিঙে বনাঞ্চল ধংস কৰা লোকসকলৰ বিৰুদ্ধে সকলোকে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায় ৷ লগতে তেওঁ কয় যে, চিৰাং আৰক্ষীয়ে যোৱা কিছুদিনৰ ভিতৰতে প্ৰায় কোটি টকাৰ চোৰাং কাঠ জব্দ কৰি বন বিভাগক গতাইছে । গতিকে সকলোৱে এতিয়া নিজৰ বাবে পৰিৱেশ ৰক্ষা কৰিব লাগিব আৰু প্ৰত্যেকেই গছপুলি ৰোপণেৰে পৰিৱেশ ৰক্ষাৰ কাৰনে আগবাঢ়ি আহিব লাগিব । অনুষ্ঠানৰ শেষত পৰিৱেশ ৰক্ষা, স্বচ্ছতা আৰু গছ ৰোপণৰ বিষয়ে কোঁচ ৰাজবংশী সাংস্কৃতিক মঞ্চই এখনি বাটৰ নাটো পৰিৱেশন কৰে ৷

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

PLANTATION
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.