ETV Bharat / city

ৰাইজে চেল্যুট নকৰা কোন এই নেতা ?

এজন নেতাৰ কথা ক’ম আজি ৷ তেওঁক ৰাইজৰ পৰা লাগে চেল্যুট ৷ বিধায়ক হ’ল কিন্তু নাপালে চেল্যুট ৷ ৰাইজে হেনো দেখিও নেদেখাৰ ভাও ধৰে ৷ সেয়ে এইবাৰ দলেই সলালে তেওঁ ৷ জানে নে এইগৰাকী নেতা কোন ?

phani-talukder
ৰাইজে চেল্যুট নকৰা কোন এই নেতা ?
author img

By

Published : Sep 1, 2021, 10:54 PM IST

নিউজ ডেস্ক, 1 ছেপ্টেম্বৰ : নেতা দেখিছে নে নেতা ৷ নেতা দেখিলে আপুনি কি কৰে ? নমস্কাৰ নে চেল্যুট ? নে নেদেখাৰ ভাও ধৰি গুচি যায় ? কিন্তু আজি আমি যিজন নেতাক দেখুৱাম তেওঁৰ লগত অনুগ্ৰহ কৰি তেনেকুৱা নকৰিব ৷ তেখেতে বৰ দুখ পাব মনত ৷ ইতিমধ্যে পাইছেই দুখ ৷

আমি কোৱা নেতাজন হ’ল ফণীধৰ তালুকদাৰ ৷ পৰহিলৈকে এ আই ইউ ডি এফৰ বিধায়ক আৰু আজি বিজেপিৰ নেতা ৷ বিধায়ক হোৱাতো তেওঁৰ বাবে আছিল সুখৰ কথা ৷ পিছে দলটো যে এ আই ইউ ডি এফ, সেইটো হে দুখৰ কথা ৷

ৰাইজে চেল্যুট নকৰা কোন এই নেতা ?

লগতে পঢ়ক : উত্তৰ প্ৰদেশ নিৰ্বাচনৰ পূৰ্বে হত্যা হ’ব অগ্ৰণী হিন্দুত্ববাদী নেতাৰ : ৰাকেশ টিকেট

বিজেপিত যোগদান কৰিয়েই তেওঁ দুখ প্ৰকাশ কৰিছে, সমষ্টিত থাকিলে বাটত যেতিয়া কোনোবাই দেখে তেওঁক হেনো চেল্যুট নামাৰে ৷ নেদেখাৰ ভাও ধৰি গুচি যায় ৷ অৱশ্যে ইয়াৰ কাৰণো বৰ্ণনা কৰিছে তালুকদাৰে ৷ তেওঁৰ মতে, এ আই ইউ ডি এফৰ হোৱাৰ বাবেই তেওঁক চেল্যুট নিদিয়ে ৰাইজে ৷ কি যে বিড়ম্বনা নেতাৰ ৷

এতিয়া তেওঁ যোগ দিছে বিজেপিত ৷ মনত আশা এটাই, এতিয়াতো ৰাইজে চেল্যুট দিব ৷

ফণী তালুকদাৰে কৈছে যে, অসমীয়া মানুহে তলা-ছাবি চাই ভোট নিদিয়ে ৷ তেওঁক হেনো ভোট দিছিল মুখ ঘূৰাইহে ৷ তলা-ছাবি দলৰ হোৱা বাবেই ৰাইজে হেনো দিয়া নাছিল চেল্যুট, গতিকে এতিয়া তেওঁ মুক্ত হ’ল ৷

কিন্তু আপুনি বাৰু কৰ’বাত শুনিছে নেকি নেতাক দেখিলে চেল্যুট দিব লাগে বুলি লিখা ৷ নিশ্চয় নাই শুনা ৷ আচলতে সন্মানৰ খাতিৰ আমি নমস্কাৰ জনাও, সেয়া স্বাভাৱিক ৷ পিচে কপাল বেয়া আছিল ফণীধৰ তালুকদাৰৰ, সেয়াও হেনো নাপালে ৷ এতিয়া কপালত গেৰুৱা ৰং সানি সাজু হৈছে ৰাইজৰ চেল্যুট ল’বলৈ ৷ পাচতহে দেখা যাব কিমান চেল্যুট পাই তেওঁ ৷

লগতে পঢ়ক : এশ বছৰ জীয়াই থাকিম; গেৰুৱা পিন্ধিয়েই ক’লে ফনীধৰ তালুকদাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.