গুৱাহাটী, ১৫ মে': চৰকাৰী তথ্য মতে বিগত দহ দিনত ৰাজ্যখনত ৫১,৬২৭ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । সেই হিচাপত দৈনিক গড়ে ৫,১৬৩ গৰাকীকৈ লোক কৰ'ণাৰ কৱলত পৰিছে । আনহাতে ঘণ্টা হিচাপত গড়ে ২১৫ জনকৈ আৰু প্ৰতি মিনিটত ৪ জনকৈ লোক কৰ'ণাত আক্ৰান্ত হৈছে । অৰ্ধ লকডাউনেও ৰুধিব পৰা নাই কৰ'ণাৰ সংক্ৰমণ ।
ক্ৰমাৎ অধিক জটিলতাৰ দিশে গতি কৰিছে অসমৰ ক'ভিড পৰিস্থিতি । দিনক দিনে বৃদ্ধি পাব ধৰিছে ক'ভিড আক্ৰান্তৰ সংখ্যা । লগতে বৃদ্ধি পাব ধৰিছে মৃত্যুৰ সংখ্যা । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত কৰ'ণাত আক্ৰান্ত ৭৬ গৰাকী লোকৰ মৃত্যু হয় । সেইদৰে বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ৪,০৭৮ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হয় । আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা গুৱাহাটী মহানগৰীতেই সৰ্বাধিক । বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত ১,১০৭ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ২০ গৰাকীৰ ।
জিলাখনত বিগত দহ দিনত ১৩,৯৭৮ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । ইফালে বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ৪৪,০৫৭ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল আৰু ইয়াৰে ৪০৭৮ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । এই হিচাপত আক্ৰান্তৰ হাৰ ৯.২৬ শতাংশ । ৰাজ্যত আক্ৰান্তৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে । গুৱাহাটী মহানগৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে চৰকাৰী-বেচৰকাৰী হাস্পতালত ক'ভিড ৰোগীৰ বাবে বিচনাৰ অভাৱ হ'বলৈ ধৰিছে । গুৱাহাটীত ক'ভিড ৰোগীৰ চিকিৎসা কৰা বেচৰকাৰী খণ্ডৰ প্ৰায় প্ৰতিখন হাস্পতালৰে বিচনা প্ৰায় ভৰ্তি হৈ পৰিছে ।
তেনে পৰিপ্ৰেক্ষিতত আগন্তুক সময়ত পৰিস্থিতি আৰু অধিক জটিল হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । বৰ্ত্তমান ৰাজ্যখনত সক্ৰিয় হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৪১,৯৭৮ গৰাকী । উল্লেখ্য যে, ৰাজ্যত এতিয়ালৈকে ৩৩,০৫,০৫৪ গৰাকী লোকক ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে । ইয়াৰে ২৫,৭৭,৭৬৪ গৰাকী লোকে প্ৰতিষেধকটো প্ৰথমটো পালি গ্ৰহণ কৰাৰ বিপৰীতে ৭,২৭,২৯০ গৰাকী লোকে দ্বিতীয় পালি গ্ৰহণ কৰিছে ।
চৰকাৰী তথ্য মতে, বৰ্তমান ৰাজ্য চৰকাৰৰ হাতত প্ৰতিষেধক ৫ লাখৰো অধিক ড'জ মজুত আছে আৰু শীঘ্ৰেই আৰু এক লাখ ড'জ লাভ কৰিব ৷ উল্লেখ যে, ৰাজ্যখনত বৰ্ত্তমানলৈ কৰ'ণাত মৃত্যু হোৱা লোকৰ সংখ্যা ২,০৬০ গৰাকীলৈ বৃদ্ধি পালে ।
লগতে পঢ়ক : ক’ভিড নিয়ন্ত্ৰণ নহ’লে শীৰ্ঘে সম্পূৰ্ণ লকডাউনৰ পোষকতা ৰণজিৎ দাসৰ