গুৱাহাটী, ১৯ মাৰ্চ : ৰাজপথত পত্নী আৰু কণমানি সন্তানৰ সন্মুখতে বাইকত থকা এজন লোকক প্ৰহাৰ কৰাৰ ঘটনাৰ বাবে এইবাৰ ৰিজাৰ্ভ ক্ল'জ কৰা হ'ল আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ ডেকাক । ইতিমধ্যে ঘটনাটোৰ বাবে অসম আৰক্ষীৰ কনিষ্টবল ফকৰুদ্দিন আহমেদক নিলম্বন কৰা হৈছে (Traffic police constable suspended for assaulting civilian) । উল্লেখ্য যে বৃহস্পতিবাৰে গুৱাহাটীৰ পল্টন বজাৰৰ ৰাজপথত পৰিয়ালৰ সন্মুখতে এজন লোকক গুৰুলা গুৰুলকৈ আৰক্ষীৰ এটা দলে প্ৰহাৰ (Police assaulting civilian in Guwahati) কৰাৰ ভিডিঅ’ ভাইৰেল হৈছিল ।
আৰক্ষীৰ প্ৰহাৰৰ সময়ত প্ৰহৃত লোকজনৰ বাইকত তেওঁৰ পত্নী আৰু কণমানি সন্তানটোও আছিল । বাইকত থকা অৱস্থাত লোকজনক পল্টনবজাৰ আৰক্ষী থানাৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ কনিষ্টবল ফকৰুদ্দিন আহমেদে অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ সময়ত তেওঁৰ পত্নী আৰু সন্তান বাইকৰ পৰা পৰি গৈছিল । এই ঘটনাটো ভাইৰেল হোৱাৰ পিছতে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শুকুৰবাৰে কনিষ্টবলজনক নিলম্বনৰ নিৰ্দেশ দিলে মহানগৰ আৰক্ষীৰ আয়ুক্তগৰাকীয়ে ।
ইয়াৰ পাছত শনিবাৰে আন এক নিৰ্দেশনাযোগে পল্টন বজাৰ থানাৰ যানবাহন নিয়ন্ত্ৰণ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া উপ-পৰিদৰ্শক প্ৰণৱ কুমাৰ ডেকাক তৎকালীনভাৱে হোৱাকৈ ৰিজাৰ্ভ ক্ল'জ কৰে (Traffic police official suspended for indiscipline conduct) । ইফালে বৃহস্পতিবাৰৰ ঘটনাৰ সন্দৰ্ভত বাইক আৰোহীগৰাকীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে । আৰক্ষীৰ সৈতে মাৰপিটত লিপ্ত হোৱা বিকি প্ৰসাদ গুপ্তা নামৰ বাইক আৰোহীজনক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ।
লগতে পঢ়ক : ৰাজপথতে পত্নী-সন্তানৰ সন্মুখত এজনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে আৰক্ষীয়ে