ETV Bharat / city

বিপদ সীমাৰ ৮৬ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ - আভ্যন্তৰীণ জল পৰিবহন বিভাগ

নেৰানেপেৰা বৰষুণৰ ফলতে গুৱাহাটীত উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ ৷ ইতিমধ্য়ে আভ্যন্তৰীণ জল পৰিবহন বিভাগে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত সম্পূৰ্ণ ৰূপে বন্ধ কৰি ৰাখিছে ফেৰী সেৱা।

Over Flow  Bramhaputra River
বিপদ সীমাৰ ৮৬ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ
author img

By

Published : Jul 13, 2020, 7:19 PM IST

গুৱাহাটী, 13 জুলাইঃ গুৱাহাটী মহানগৰীত বিপদ সীমাৰ ৮৬ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ। প্ৰতি ঘণ্টাত ২ৰ পৰা ৩ ছেন্টিমিটাৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । যোৱা ৭ জুলাইৰ পৰা ব্যাপক হাৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত ইতিমধ্যে বন্ধ হৈ আছে ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী সেৱা ।

বিপদ সীমাৰ ৮৬ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ

ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানপানীয়ে । ৰাজ্যৰ নৈ-উপনৈ সমূহ উফন্দি উঠাত ২৪ খনকৈ জিলা এতিয়া বাঢ়নী পানীৰ কবলত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো ব্ৰহ্মপুত্ৰৰ নদীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । গুৱাহাটীত যোৱা ৭ জুলাইৰ পৰাই ঘণ্টাত ৫ ৰ পৰা ৬ ছেন্টিমিটাৰকৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমা অতিক্ৰম কৰিছে। সোমবাৰে দিনৰ ১২ বজালৈকে ব্ৰহ্মপুত্ৰৰ নদী গুৱাহাটীত ৫০.৫৪ মিটাৰত বৈ আছিল অৰ্থাৎ বিপদ সীমাৰ পৰা ৮৬ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰৰ পানী। ইফালে মাছখোৱাৰ লাচিত ঘাটত থকা পাৰ্কিং এলেকা সম্পূৰ্ণ ৰূপে ডুব গৈছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে। নদীৰ পাৰে পাৰে থকা পার্ক সমূহতো যি কোনো সময়ত প্ৰৱেশ কৰিব পাৰে ব্ৰহ্মপুত্ৰৰ পানী।

Over Flow  Bramhaputra River
বিপদ সীমাৰ ৮৬ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ

সোমবাৰে পুৱাৰ ভাগৰ পৰা ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ মাত্ৰা পূৰ্বৰ তুলনাত কিছু হ্ৰাস পাইছে যদিও পানী আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । ইফালে গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাত আভ্যন্তৰীণ জল পৰিবহন বিভাগে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত সম্পূৰ্ণ ৰূপে বন্ধ কৰি ৰাখিছে ফেৰী সেৱা।

লগতে পঢ়ক- তেজপুৰত অপৰিৱৰ্তিত বান পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.