ETV Bharat / city

চৰকাৰৰ ব্যর্থতাৰ বাবেই ঠিকাদাৰৰ আত্মহত্যা : দেবব্ৰত শইকীয়া

author img

By

Published : Aug 25, 2021, 9:14 AM IST

ৰাজ্য চৰকাৰে বিভিন্ন সময়ত ৰাজকোষৰ অৱস্থা ভাল বুলি দাবী কৰি অহাৰ সময়তে কিন্তু ৰাজ্যৰ ঠিকাদাৰসকলৰ কোটি কোটি টকাৰ বিল অনাদায় হৈ আছে । শেহতীয়াকৈ লোকনির্মাণ বিভাগ, জলসিঞ্চন বিভাগ, গুৱাহাটী উন্নয়ন বিভাগ, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আদিকে ধৰি কেইবাটাও বিভাগত সহস্ৰাধিক ঠিকাদাৰক কাম কৰাৰ পিছতো বিল পৰিশোধ নকৰাৰ তথ্য পোহৰলৈ আহিছে ।

reaction of leader of opposition
অসম চৰকাৰ হৈছে ব্যৰ্থ !

গুৱাহাটী, 25 আগষ্ট : বিল নাপাই ঠিকাদাৰে আত্মহত্যা কৰিবলগীয়া হোৱা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । তেওঁ কয় যে, ৰাজ্য চৰকাৰে বিভিন্ন সময়ত ৰাজকোষৰ অৱস্থা ভাল বুলি দাবী কৰি অহাৰ সময়তে কিন্তু ৰাজ্যৰ ঠিকাদাৰসকলৰ কোটি কোটি টকাৰ বিল অনাদায় হৈ আছে । শেহতীয়াকৈ লোক নির্মাণ বিভাগ, জলসিঞ্চন বিভাগ, গুৱাহাটী উন্নয়ন বিভাগ, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আদিকে ধৰি কেইবাটাও বিভাগত সহস্ৰাধিক ঠিকাদাৰক কাম কৰাৰ পিছতো বিল পৰিশোধ নকৰাৰ খবৰ লাভ কৰা হৈছে ।

অসম চৰকাৰ হৈছে ব্যৰ্থ !

২০২০-২১ বর্ষত নিৰ্বাচনৰ বাবেই সকলো উন্নয়নমূলক কাম ৩১ মার্চৰ ভিতৰত সম্পূর্ণ কৰাৰ বাবে ৱর্ক অর্ডাৰ দিয়া হৈছিল । সেই অর্ডাৰ অনুসৰিয়েই ঠিকাদাৰসকলেও সকলো কাম সম্পূর্ণ কৰিছিল ৷ কিন্তু সেই কামৰ বাবদ পাবলগীয়া বিল বর্তমানেও চৰকাৰে আদায় দিয়া নাই । তেওঁ কয় যে, ২০২১ ৰ মার্চলৈকে ঠিকাদাৰক দিব লগা বিলৰ পৰিমাণ আছিল প্ৰায় ১৩ হাজাৰ কোটি টকা । তাৰ সমান্তৰালভাৱে চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ সৈতে ঘনিষ্ঠ একাংশ ঠিকাদাৰে কাম সম্পূর্ণ নকৰাকৈয়ে বিল আদায় পোৱাৰ খবৰো আহি পৰিছে ।

লগতে পঢ়ক: Microfinance Loan: ঋণ ৰেহায়ৰ ক্ষেত্ৰত এখোজ আগুৱালে চৰকাৰে

শেহতীয়াকৈ লখিমপুৰ জিলাৰ লালুকত এজন ঠিকাদাৰে কাম কৰাৰ পাচতো পাবলগীয়া ধন আদায় নাোপোৱাৰ বাবেই আত্মহত্যা কৰিছে । ছুইচাইড নোটত তেওঁ স্পষ্টকৈ লিখি গৈছে যে, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কামৰ ১৭ লাখ টকাৰ বিল আৰু অন্য কামৰ বাবদ কেইবালাখ টকাৰ বিল নোপোৱাৰ বাবেই আৰ্থিক সংকটত ভূগি এনে চৰম পন্থা হাতত লয় । এই ঘটনা অতি মর্মান্তিক আৰু দূর্ভাগ্যজনক ৷ একমাত্ৰ চৰকাৰৰ ব্যর্থতাৰ বাবেই এই ঘটনা সংঘটিত হৈছে ।

ইয়াৰ বাবে চৰকাৰখনেই জগৰীয়া বুলি তেওঁ অভিযোগ কৰে । কিছুদিন পূৰ্বে গুৱাহাটীতো এজন ছপাশালৰ মালিকে আত্মহত্যা কৰিছিল বেংকক ঋণ পৰিশোধ কৰিব নোবাৰাৰ বাবে । অনুৰূপ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ চৰকাৰৰ প্ৰতি দাবী জনায় ।

লগতে পঢ়ক: জন আশীৰ্বাদ যাত্ৰাত কংগ্ৰেছী বিধায়কৰ অংশ গ্ৰহণক সফলতাৰ চিন আখ্যা বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.