গুৱাহাটী, 30 মে' : গুৱাহাটী মহানগৰীৰ মালিগাঁৱত ফুডব্ৰীজৰ এগৰাকী মহিলা উদ্ধাৰ হোৱাৰ পিচতে তীব্ৰ আতংকৰ সৃষ্টি হয় ৷ ঘটনা অনুসৰি জানিব পৰা গৈছে যে, দিল্লীৰ চুমা দেৱী নামৰ এইগৰাকী মহিলা আহিছিল ধুবুৰীৰ আত্মীয়ৰ ঘৰলৈ । বহিঃৰাজ্যৰ পৰা অহা হেতুকে মহিলা গৰাকীক কোৱাৰেন্টাইনত ৰখা হৈছিল ।
কিন্তু ১৪ দিন শেষ নহওতেই কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা দিল্লীলৈ যোৱাৰ উদ্দেশ্যে পলাই আহে মহিলাগৰাকী । মহিলাগৰাকী গুৱাহাটীৰ মহানগৰীৰ মালিগাঁও ফুড ব্ৰীজৰ পৰা নিশা ব্ৰীজখনত কৰ্তব্যত ছিকিউৰিটি গাৰ্ডে উদ্ধাৰ কৰে ৷ উক্ত ঘটনাটো ব্ৰীজৰ দায়িত্বত থকা ঠিকাদাৰ জনক অৱগত কৰে ছিকিউৰিটি গাৰ্ডে ৷ ইতিমধ্যে ঠিকাদাৰজনে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ বিষয়টো প্ৰশাসনক অৱগত কৰে ৷ লগতে সমগ্ৰ ব্ৰীজখনত ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰে৷ হাতত ষ্টাম্প থকা মহিলা গৰাকীক লৈ আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ মালিগাঁৱত ।
লগতে পঢ়ক- হাইলাকান্দিত আটক দুৰ্ধৰ্ষ চোৰ