গুৱাহাটী, 7 নৱেম্বৰ : জালুকবাৰীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিদ্যানগৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা । তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত স্কুটী আৰোহী । সন্ধিয়া সাতমাইলৰ পৰা জালুকবাৰী অভিমুখে গৈ থকা AS01JC 0314 নম্বৰৰ ট্ৰাকখনে বিদ্যানগৰত AS01DJ 6124 নম্বৰৰ স্কুটীখনক মহতিয়াই লৈ যায় । ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় স্কুটী আৰোহীজন ।
দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে ট্ৰাকৰ খুন্দাত স্কুটী আৰোহীজন সম্পূৰ্ণৰূপে ক্ষত-বিক্ষত হৈ যায় । মৃত লোকজন নগাঁৱৰ আবুনাচিৰ মহম্মদিক ইকবাল বুলি জানিব পৰা হৈছে । ঘটনাস্থলীত জালুকবাৰী যানবাহন আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰিছে যদিও চালক-হেণ্ডিমেন পলাতক অৱস্থাত ৷
লগতে পঢ়ক : মাছখোৱাৰ অবৈধ ফটকাৰ গুদাম ছীল জিলা প্ৰশাসনৰ