ETV Bharat / city

Attack by Friend: দিল্লীৰ এগৰাকী বৃদ্ধই জীৱনদান দিলে গুৱাহাটীৰ যুৱকক

author img

By

Published : Dec 25, 2021, 7:18 PM IST

বন্ধুৰ আক্ৰমণৰ বলি হৈ কথমপি প্ৰাণ ৰক্ষা পৰিল গুৱাহাটীৰ এজন যুৱকৰ ৷ দিল্লীলৈ মাতি নি অজ্ঞাত কাৰণত গুৰুলাগুৰুলকৈ পিটি নলাত পেলাই থৈ গ’ল বন্ধুক ৷ মূমুৰ্ষ অৱস্থাত নলাত পেলাই থৈ যোৱা যুৱকজনক উদ্ধাৰ কৰে দিল্লীৰ এগৰাকী বৃদ্ধাই (Old footpath dweller resques youth attacked by friend) ৷

Attack by Friend
দিল্লীৰ এগৰাকী বৃদ্ধই জীৱনদান দিলে গুৱাহাটীৰ যুৱকক

গুৱাহাটী, ২৫ ডিচেম্বৰ: দিল্লীলৈ মাতি নি এজন নিৰীহ যুৱকক হত্যাৰ অপচেষ্টা চলাই অৱশেষত নুনমাটি আৰক্ষীৰ জালত পৰিল এজন প্ৰবঞ্চক । আৰক্ষীৰ হাতত ধৃত অভিযুক্তজন বজালী জিলাৰ পাটাছাৰকুচিৰ তথা বৰ্তমান চান্দমাৰি আৰক্ষী থানাৰ অন্তৰ্গত গণেশ নগৰৰ বাসিন্দা ডিম্বেশ্বৰ দাস (৩৪) বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ।

উল্লেখ্য যে, অভিযুক্ত ডিম্বেশ্বৰ দাসৰ পত্নী দীৰ্ঘদিন পূৰ্বে বেলেগ এজন পুৰুষৰ লগত দিল্লীলৈ পলাই গৈছিল । পৰৱৰ্তী সময়ত কিছুদিন পূৰ্বে দিল্লীৰ পৰা পত্নীয়ে ডিম্বেশ্বৰ দাসক ফোন কৰি তেওঁক ঘৰলৈ লৈ আনিবলৈ অনুৰোধ জনাইছিল । পত্নীক আনিবলৈ বুলি ২৭ নৱেম্বৰত ডিম্বেশ্বৰ দাসে নুনমাটিৰ নেপালী চকৰ ১ নং শালবাৰীৰ ৰজনী বসুমতাৰী(২৬)ক লগত লৈ ৰেলযোগে দিল্লীলৈ যায় । দিল্লীত উপস্থিত হৈ আন্ধাৰৰ সুযোগ লৈ ডিম্বেশ্বৰ দাসে ৰজনী বসুমতাৰীক নিচাজাতীয় বেজী দি চোকা অস্ত্ৰৰে হানি- খুছি নলাত পেলাই থৈ গুৱাহাটীলৈ উভতি আহে । এই ক্ষেত্ৰত দুই বন্ধুৰ মাজত পূৰ্বৰ কিবা শত্ৰুতা থকাৰ সন্দেহ কৰিছে একাংশ স্থানীয় লোকে । যাৰ ফলত ডিম্বেশ্বৰ দাসে ৰজনী বসুমতাৰীৰ ওপৰত এই আক্ৰমণ চলায় (Guwahati youth attacked by friend in Delhi)।

ইপিনে দিল্লীৰ এটা নলাত তেজেৰে লুতুৰী পুতুৰী হৈ পৰি থকা অৱস্থাত ৰজনী বসুমতাৰীক পদপথৰ এগৰাকী বৃদ্ধাই উদ্ধাৰ কৰি নিজৰ জুপুৰিত আশ্ৰয় দিয়ে (Old footpath dweller resques youth attacked by friend) ।

পিছত ৯ দিনৰ মূৰত সংজ্ঞা ঘূৰাই পোৱা ৰজনী বসুমৰতাৰীয়ে অসুস্থ দেহাৰে এখন হোটেলত কাম কৰি পইচা গোটাই গুৱাহাটীস্থিত নিজ গৃহলৈ অহাৰ চেষ্টা চলায় । ১৬ দিন হোটেলত কাম কৰি উপাৰ্জন কৰা ধনেৰে ৰজনী বসুমৰতাৰীয়ে ৰেলযোগে নিজ গৃহলৈ উভতি আহে ।

গুৱাহাটীত উপস্থিত হোৱাৰ পিছত সমগ্ৰ ঘটনা জানিব পাৰি ৰজনী বসুমতাৰীৰ পত্নীয়ে নুনমাটি আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৬৪/৩২৩ ধাৰাৰ অধীনত থানাত ৯১১/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি ডিম্বেশ্বৰ দাসক গ্ৰেপ্তাৰ কৰি শনিবাৰে আদালতত হাজিৰ কৰে আৰু আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰে অভিযুক্ত ডিম্বেশ্বৰক ।

লগতে পঢ়ক: Mysterious death of Woman: বিয়াৰ এবছৰ নহৌতেই ৰহস্যজনক মৃত্যু শিল্পী দেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.