গুৱাহাটী,10 ছেপ্তেম্বৰ : এন আৰ চিৰ পুনৰীক্ষণ সম্পৰ্কত মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ মূল হোতা উপমন্যু হাজৰিকাই ৷ সংবাদমেলত হাজৰিকাই মন্তব্য কৰে যে, এন আৰ চিৰ পুনৰীক্ষণৰ বাবে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কোনো প্ৰয়োজন নাই যিহেতু ন্যায়ালয়ে চৰকাৰক পুনৰীক্ষণৰ ক্ষমতা আইনগত ভাৱে প্ৰদান কৰি থৈছে ৷ কেইবাটাও ধাৰাৰ অধীনত চৰকাৰে যে নিজাববীয়াকৈ পুনৰীক্ষণ কৰিব পাৰে সেই বিষয়ে বিশদভাৱে আলোচনা কৰে হাজৰিকাই ৷ সেই অনুসৰি 4 নং দফাৰ অধীনত জিলা উপায়ুক্তক পুনৰীক্ষণৰ অধিকাৰ প্ৰদান কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে ৷
লগতে তেওঁ জানিবলৈ দিয়ে যে,যোৱা বৰ্ষৰ 28 আগষ্টত এন আৰ চিৰ 10 শতাংশ পুনৰীক্ষণৰ কাম চৰকাৰক কৰিবৰ বাবে ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছিল। কিন্তু, তাকে নকৰি চৰকাৰে কোনো তথ্য নোহোৱাকৈয়ে ন্যায়ালয়ত আবেদন কৰিছিল । ইয়াৰ ফলত এই আবেদন ন্যায়ালয়ে নাকচ কৰিছিল। তাৰোপৰি, চূড়ান্ত এন আৰ চিৰ ক্ষেত্ৰত 2003 চনৰ অধিনিয়ম মতে, কোনো লোকে ভুল তথ্য প্ৰদান কৰি নাম অন্তৰ্ভুক্ত কৰিলে চৰকাৰে তেনে লোকৰ নাম কৰ্তন পাৰে বুলিও সংবাদমেলত সদৰী কৰে উপমন্যু হাজৰিকাই । কিন্তু চৰকাৰে কোনো ব্যৱস্থা হাতত নোলোৱাৰ বাবেই এখন বিসংগতিপূৰ্ণ এন আৰ চি প্ৰকাশ পালে বুলি ক্ষোভ প্ৰকাশ কৰে হাজৰিকাই ৷ গতিকে এনে বিসংগতিপূৰ্ণ যিকোনো তথ্য থাকিলে প্ৰব্ৰজন বিৰোধী মঞ্চৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাই হাজৰিকাই ৷