ETV Bharat / city

অসম-মিজোৰাম সীমা সংঘাত : সীমান্তৰ পৰা বাহিনী প্ৰত্যাহাৰ কৰিব মিজোৰামে

author img

By

Published : Oct 22, 2020, 7:09 AM IST

শেহতীয়াকৈ অসম-মিজোৰাম সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতিৰ পিচতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তৎপৰতাত বৰ্তমানে পৰিস্থিতি কিছু উন্নত হৈছে ৷ গৃহ মন্ত্ৰালয়ৰ সৈতে হোৱা আলোচনাৰ পিচতেই সীমান্তৰ পৰা বাহিনী প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে মিজোৰামে ৷

সীমান্তৰ পৰা বাহিনী প্ৰত্যাহাৰ কৰিব মিজোৰামে

নিউজ ডেস্ক, 22 অক্টোবৰ : অসম মিজোৰাম সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি বৰ্তমানে কিছু শাম কাটিছে ৷ অসম আৰু মিজোৰামৰ গৃহ সচিবৰ যুটীয়া আলোচনাৰ পিচতেই দুয়োখন ৰাজ্যৰ মাজত কৰিমগঞ্জ আৰু কাচাৰ জিলাত উদ্ভৱ হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি বৰ্তমানে শান্ত হৈছে বুলি জানিব পৰা গৈছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে হোৱা আলোচনাৰ পিচতেই 21 অক্টোবৰত দুয়োখন ৰাজ্যৰ গৃহ সচিবে নিজাকৈ আলোচনাত মিলিত হয় ৷ এই আলোচনাৰ পিচতেই সীমান্ত অঞ্চলৰ পৰা মিজোৰামে বাহিনী প্ৰত্যাহাৰ কৰিব বুলি জনাইছে অসমৰ গৃহ সচিবে ৷

লগতে পঢ়ক : সীমান্তত শান্তি-শৃংখলা বজায় ৰখাৰ আহ্বান প্ৰধান গৃহ সচিব জি ডি ত্ৰিপাঠীৰ

অসমৰ গৃহ সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে জনায় যে, মিজোৰাম চৰকাৰে অসম সীমান্তৰ পৰা বাহিনী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ অসম চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মিজোৰাম চৰকাৰে অসম সীমান্তত মোতায়েন কৰি ৰখা আৰক্ষী বাহিনী প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অসমৰ গৃহ সচিবে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : সদিচ্ছাৰ অভাৱত ছয় দশক ধৰি উত্তপ্ত অসম তথা উত্তৰ-পূবৰ সীমান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.