ETV Bharat / city

আই এছ এলৰ বাবে সম্পূৰ্ণ প্ৰস্তুত নৰ্থ ইষ্ট ইউনাইটেড

author img

By

Published : Oct 10, 2019, 9:19 PM IST

আই এছ এলৰ ষষ্ঠ সংস্কৰণৰ চেম্পিয়ন হ'বলৈ বিভিন্ন ৰনকৌশল প্ৰস্তুত কৰিছে জন আব্ৰাহমৰ নৰ্থ ইষ্ট ইউনাইটেডে । বহুকেইগৰাকী প্ৰতিভাৱান বিদেশী খেলুৱৈকো অন্তৰ্ভুক্ত কৰা হৈছে নৰ্থ ইষ্ট ইউনাইটেড এফ চিত । অহা ২১ অক্টোবৰত বাংগালুৰু এফ চিৰে মুখামুখি হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি ।

হোটেল ৰেডিচন ব্লু'ত সংবাদ মাধ্যমৰে মুখামুখি নৰ্থ ইষ্ট ইউনাইটেড

গুৱাহাটী,10অক্টোবৰঃ অহা ২০ অক্টোবৰৰ পৰা আৰম্ভ হ'ব ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এলৰ ষষ্ঠ সংস্কৰণ । ইতিমধ্যেই প্ৰতিটো দলেই কঠোৰ অনুশীলন চলাই আছে। সেই অনুসৰি নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলো নামি পৰিছে অনুশীলনত । বৃহস্পতিবাৰে মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত সংবাদ মাধ্যমৰে মুখামুখি হৈ দলটোৰ প্ৰস্তুতিৰ কথা ক'লে প্ৰশিক্ষক আৰু খেলুৱৈসকলে ।

জন এব্ৰাহীমৰ নৰ্থ ইষ্ট ইউনাইটেড

অহা ২১ অক্টোবৰত বাংগালুৰু এফ চিৰে মুখামুখি হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি । তাৰ বাবে ইতিমধ্যেই অনুশীলন চলাই আছে দলটোৱে । দলটোৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নীয়ে ক'লে পূৰ্বতকৈ অধিক উন্নত হৈছে খেলুৱৈসকলৰ প্ৰদৰ্শন । যাৰ বাবে আই এছ এলত এইবাৰ নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে উন্নতমানৰ খেল প্ৰদৰ্শন কৰিব বুলি আশাবাদী মুখ্য প্ৰশিক্ষকগৰাকী ।

north east united fc
সংবাদ মাধ্যমৰে মুখামুখি নৰ্থ ইষ্ট ইউনাইটেড দলটো

ইফালে নৰ্থ ইষ্ট ইউনাইটেডত অন্তৰ্ভুক্ত হৈছে অসমৰ প্ৰতিভাৱান যুৱ খেলুৱৈ ৰাকেশ প্ৰধান । ইপিনে ৰাকেশ প্ৰধানৰ খেলৰ শৈলী দেখি অভিভূত দলটোৰ প্ৰশিক্ষক আৰু সতীৰ্থ খেলুৱৈসকল । মুঠৰ ওপৰত এইবাৰ শ্ৰেষ্ঠত্বৰ অৰ্জনৰ বাবে নিজৰ সকলো উজাৰি দিব নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে । উল্লেখ্য যে বুধবাৰে ভাৰতীয় দলৰ লগত এক বন্ধুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হৈছিল নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলটো । এই মেচৰ জৰিয়তে খেলুৱৈসকলৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি পাইছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে প্ৰশিক্ষক চন্দিপ নন্দীয়ে । আনহাতে নৰ্থ ইষ্ট দলটোৰ শাৰীৰিক প্ৰশিক্ষণৰ ক্ষেত্ৰত এইবাৰ বিশেষ গুৰুত্ব দিয়া হৈছে বুলিও জানিবলৈ দিয়ে দলটোৰ শাৰীৰিক প্ৰশিক্ষক জোজে কাৰ্লছ বাৰছোৱে ।

Intro:অহা ২০ অক্টোবৰৰ পৰা আৰম্ভ হ'ব ইণ্ডিয়ান ছুপাৰ লীগৰ ষষ্ঠ সংস্কৰণ। ইতিমধ্যেই প্ৰতিটো দলেই কঠোৰ অনুশীলন চলাই আছে। সেই অনুসৰি নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলো নামি পৰিছে অনুশীলনত। বৃহস্পতিবাৰে মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত সংবাদ মাধ্যমৰে মুখামুখি হৈ দলটোৰ প্ৰস্তুতিৰ কথা ক'লে প্ৰশিক্ষক আৰু খেলুৱৈসকলে।

Body:অহা ২১তাৰিখে বাংগালোৰু এফ চিৰে মুখামুখি হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি। তাৰ বাবে ইতিমধ্যেই অনুশীলন চলাই আছে দলটোৱে। দলটোৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নীয়ে ক'লে পূৰ্বকৈ অধিক উন্নত হৈছে খেলুৱৈসকলৰ প্ৰদৰ্শন। এইবাৰৰ আই এছ এলৰ চেম্পিয়ন হ'বলৈ বিভিন্ন ৰনকৌশল প্ৰস্তুত কৰিছে জন এব্ৰাহীমৰ দলটোৱে। বহুকেইগৰাকী প্ৰতিভাৱান বিদেশী খেলুৱৈকো অন্তৰ্ভুক্ত কৰা হৈছে নৰ্থ ইষ্ট ইউনাইটেড এফ চিত। যাৰ বাবে আই এছ এলত এইবাৰ নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে উন্নতমানৰ খেল প্ৰদৰ্শন কৰিব আশাবাদী মুখ্য প্ৰশিক্ষকগৰাকী। ইফালে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলত অন্তৰ্ভুক্ত হৈছে অসমৰ প্ৰতিভাৱান যুৱ খেলুৱৈ ৰাকেশ প্ৰধান। ৰাকেশ প্ৰধানৰ খেলৰ শৈলী দেখি অভিভূত দলটোৰ প্ৰশিক্ষক আৰু সতীৰ্থ খেলুৱৈসকল। মুঠ ওপৰত এইবাৰ শ্ৰেষ্ঠত্বৰ অৰ্জনৰ বাবে জান প্ৰাণ লগাই দিব নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে। উল্লেখযোগ্য যে বুধবাৰে ভাৰতীয় দলৰ লগত এক বন্ধুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হৈছিল নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলটো। এই মেচৰ জৰিয়তে খেলুৱৈসকলৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি পাইছে বুলি কয় প্ৰশিক্ষক চন্দিপ নন্দীয়ে। আনহাতে নৰ্থ ইষ্ট দলটোৰ শাৰীৰিক প্ৰশিক্ষণৰ ক্ষেত্ৰত এইবাৰ বিশেষ গুৰুত্ব দিয়া হৈছে বুলিও জানিবলৈ দিয়ে দলটোৰ শাৰীৰিক প্ৰশিক্ষক জোজে কাৰ্লছ বাৰছোৱে।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.