ETV Bharat / city

নিশা NIA-ই সংগোপনে দিল্লীলৈ নিলে কৃষক নেতা অখিল গগৈক - মাওবাদীৰে সম্পৰ্কৰ সন্দেহত 10 দিনৰ বাবে NIAৰ জিম্মাত অখিল গগৈ

মাওবাদীৰে সম্পৰ্ক থকাৰ সন্দেহত 10 দিনৰ বাবে NIA-ৰ জিম্মাত অখিল গগৈ ৷ দিল্লীস্থিত NIA-ৰ কাৰ্যালয়ত জেৰাৰ বাবে অখিল গগৈক দিল্লীলৈ নিলে সন্থাটোৱে ৷ পত্নীকো নজনালে দিল্লীলৈ স্থানান্তৰ কৰাৰ কথা ৷

নিশা NIAয়ে সংগোপনে দিল্লীলৈ নিলে কৃষক নেতা অখিল গগৈক

author img

By

Published : Dec 18, 2019, 2:52 PM IST

নিউজ ডেস্ক, 18 ডিচেম্বৰ: অৱশেষত NIA-ৰ জেৰাৰ বাবে দিল্লীলৈ স্থানান্তৰ কৰা হ'ল কৃষক নেতা অখিল গগৈক ৷ মঙলবাৰে নিশা বিশেষ বিমানযোগে দিল্লীলৈ লৈ যোৱা হ'ল কৃষক নেতাগৰাকীক ৷ আদালতে 10 দিনৰ বাবে NIA-ৰ জিম্মালৈ প্ৰেৰণ কৰা অখিল গগৈক NIA-ৰ মুখ্যকাৰ্যালয়ত জেৰা কৰা হ'ব ৷

মঙলবাৰে সোণাপুৰত জেৰা কৰিবলৈ কৈ অখিল গগৈৰ পত্নী আৰু অধিবক্তাক অৱগত নকৰাকৈয়ে কৃষক নেতাগৰাকীক স্থানান্তৰ কৰে NIA-ৰ বিষয়াই ৷ কৃষক নেতা জনৰ পত্নীয়ে জানিবলৈ দিয়া অনুসৰি বিশেষ আদালতত হাজিৰ কৰোৱাৰ সময়ত গোচৰটোৰ তদাৰক কৰা NIA-ৰ বিষয়াই তেওঁক 2-3 দিন পাচতহে অখিল গগৈক দিল্লীলৈ নিয়া হ'ব বুলি জানিবলৈ দিছিল ৷ কিন্তু মঙলবাৰে নিশা এইদৰে হঠাৎ কৃষক নেতাগৰাকীক দিল্লীলৈ লৈ যোৱাত দিল্লীত প্ৰচণ্ড ঠাণ্ডাত ইতিমধ্যে অসুস্থ অৱস্থাত থকা অখিল গগৈৰ স্বাস্থ্য আৰু কষ্টৰ সন্দৰ্ভত পত্নী, পৰিয়াল উদ্বিগ্ন হৈ পৰিছে ৷

ইফালে গুৱাহাটীত অখিল গগৈক NIA-ই হেণ্ডকাফেৰে বান্ধি ৰখা সন্দৰ্ভত আদালতত জনোৱা এক আবেদনৰ শুনানি পৰ্ব বুধবাৰে শেষ হৈছে যদিও বৰ্তমানৰ লৈকে আদালতৰ ৰায় সন্দৰ্ভত কোনো তথ্য জানিবলৈ পোৱা যায় ৷

আৰু পঢ়ক: হিমন্তই বোমা পিষ্টল লৈ ডকাইতি কৰিছিলঃ প্ৰদ্যুৎ বৰদলৈ

Intro:
বৰপেটা, ১৮ ডিচেম্বৰঃ কৃষক নেতা অখিল গগৈক মাওবাদী সজাই গ্ৰেপ্তাৰ কৰা কাৰ্যৰ তীব্ৰ নিন্দা কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ অসমীয়া জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে সংগ্ৰামৰ নেতৃত্ববহন কৰাৰ বাবেই অখিল গগৈক মাওবাদী সজাই গ্ৰেপ্তাৰ কৰা কাৰ্যক চৰকাৰৰ চৰম স্বৈৰাচাৰী নীতি বুলি অভিহিত কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে ৷ Body:আজি ছাত্ৰ মুক্তিৰ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে- কৃষক মুক্তি সংগ্ৰাম সমিতি মূলতঃ জ্যোতি-বিষ্ণুৰ আদৰ্শৰে উদ্বুদ্ধ এটা সংগঠন ৷ জ্যোতি-বিষ্ণুৰ আদৰ্শৰে উদ্বুদ্ধ নেতাগৰাকীক অসমীয়া জাতিৰ স্বাৰ্থত মাত মতাৰ বাবেই গ্ৰেপ্তাৰ কৰা কাৰ্যক নিন্দা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে ৷

Conclusion:বাইটঃ আশ্ৰাফুল ইছলাম, কাৰ্যকৰী সভাপতি, ছাত্ৰমুক্তি ৷

--- বাপকন দাস, বৰপেটা ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.