ETV Bharat / city

অখিল গগৈ সন্দৰ্ভত জেষ্ঠ সাংবাদিক মানস জ্যোতি বৰুৱালৈ নিয়াৰ চমন - মানস জ্যোতি বৰুৱা

নাগৰিকত্ব সংশোধনী আইনৰ সময়ত হিংসাত্মক ঘটনা আৰু অখিল গগৈৰ ভূমিকা সন্দৰ্ভত অসমৰ জ্যেষ্ঠ সাংবাদিক মানস জ্যোতি বৰুৱাক নিয়াৰ চমন ।

অখিল গগৈ সন্দৰ্ভত জেষ্ঠ সাংবাদিক মানস জ্যোতি বৰুৱালৈ নিয়াৰ চমন

author img

By

Published : May 15, 2020, 10:17 AM IST

গুৱাহাটী, ১৫ মে': বৃহস্পতিবাৰে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক মানস জ্যোতি বৰুৱালৈ চমন জাৰি কৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই । নাগৰিকত্ব সংশোধনী আইনৰ সময়ত হিংসাত্মক ঘটনা আৰু সেই ঘটনাত কৃষক নেতা অখিল গগৈৰ ভূমিকা সন্দৰ্ভত প্ৰশ্ন কৰাৰ বাবেই নিয়াৰ চমন সাংবাদিকগৰাকীলৈ ।

মানস জ্যোতি বৰুৱা হৈছে ৰাজ্যৰ এগৰাকী প্ৰতিষ্ঠিত জ্যেষ্ঠ সাংবাদিক । বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ তৰফৰ পৰা ফোনযোগে সোণাপুৰস্থিত কাৰ্যালয়ত শুকুৰবাৰে উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হয় সাংবাদিকগৰাকীক ।

মানস জ্যোতি বৰুৱাই এই সন্দৰ্ভত সংবাদমাধ্য়মৰ আগত ব্যক্ত কৰে যে, তেওঁলৈ নিয়াৰ কাৰ্যালয়ৰ পৰা এটি ফোন ক'ল আহিছিল । তেওঁক শুকুৰবাৰে অখিল গগৈ সন্দৰ্ভত কিছু প্ৰশ্ন কৰাৰ বাবে মাতি পঠিওৱা হৈছে সোণাপুৰ কাৰ্যালয়লৈ । যেতিয়া একো জাননী লাভ নকৰাৰ কথা উল্লেখ কৰিছিল বৰুৱাই, তেতিয়াই তেওঁলোকৰ পৰা আনুষ্ঠানিক কাগজী কাম কাজৰ বাবে সময়ৰ প্ৰয়োজন । সেই বাবে ফোনতেই মাতি পঠিওৱা হৈছে বুলি কয় বৰুৱাই ।

বৰুৱাই ইয়াৰ পূৰ্বে কেইবাটাও অসমৰ সংবাদ গোষ্ঠীৰ সৈতে কৰ্মৰত আছিল । লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকলাপ আৰু অখিল গগৈৰ ওপৰত বহু বাতৰি সংগ্ৰহ কৰি আহিছিল ।

সাংবাদিকগৰাকীয়ে ইয়াৰ পাচতে কয়, মই নাজানো মোক কিয় নিয়াৰ পৰা মাতি পঠিওৱা হৈছে । মই এই সন্দৰ্ভত কিছু অধিবক্ততাৰ সৈতে আলোচনা কৰিছো । তেওঁলোকে মোক শুকুৰবাৰে নিয়াৰ কাৰ্যালয়লৈ যোৱাৰ পৰামৰ্শ দিছে বুলি উল্লেখ কৰে ।

যোৱা ৯ মে'ত সমাজ কৰ্মী ভাৱেন সন্দিকৈকো এই ঘটনা সন্দৰ্ভত ঘণ্টা জুৰি সোধ-পোচ চলাইছিল নিয়াই । এই ঘটনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক কথিত ৰূপত সন্ত্ৰাসবাদী কাৰ্যকলাপ তদন্তৰ সৈতে সম্পৰ্কিত ।

উল্লেখ্য যে, যোৱা ১৭ মাৰ্চত জামিন লাভ কৰিবলৈ সক্ষম হৈছিল কৃষক নেতাগৰাকীয়ে । নিয়াৰ বিশেষ আদালতে ৯০ দিনৰ নিৰ্ধাৰিত দিনৰ ভিতৰত নিয়াৰ পৰা অভিযোগপত্ৰ দাখিল কৰাত ব্যৰ্থ হোৱাত জামিন মঞ্জুৰ কৰিছিল অখিল গগৈৰ । জামিন লাভ কৰাৰ পাচত পুনৰ অখিল গগৈক বিভিন্ন আৰক্ষী থানাত তৰা গোচৰৰ ভিত্তিত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল ।

অখিল গগৈৰ লগতে ধৈৰ্য কোঁৱৰ, বিট্টু সোণোৱাল, মানস কোঁৱৰকো নিয়াই গ্ৰেপ্তাৰ কৰি কাৰাগাৰত বন্দী কৰি ৰাখিছে ।

নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰ মাজতেই আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি জনিত কাৰণত প্ৰতিৰোধমূলক ব্যৱস্থা উপলক্ষ্য ১২ ডিচেম্বৰত অখিল গগৈক যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল । পিচত ১৩ ডিচেম্বৰত অসম আৰক্ষীৰ ফালৰ পৰা তেওঁৰ ওপৰত ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ১২০B (অপৰাধমূলক ষড়যন্ত্ৰৰ শাস্তি), ১২৪A (ৰাষ্ট্ৰদ্ৰোহী), ১৫৩A(বিভিন্ন গোষ্ঠীৰ মাজত শত্ৰুতাৰ প্ৰচাৰ), ১৫৩B (অভিব্যক্তি, জাতীয়-সংহতকৰণৰ বাবে পূৰ্বনিৰ্ধাৰিত বক্তব্য), কঠোৰ বে-আইনী ক্ৰিয়াকলাপ (প্ৰতিৰোধ) আইন (UAPA) ৰ (১৮ আৰু ৩৯ ধাৰা) বাদ দি গোচৰ ৰুজু কৰা হৈছিল । ইয়াৰ এদিন পাচতেই এই সমগ্ৰ ঘটনা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থালৈ প্ৰেৰণ কৰা হৈছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.