ETV Bharat / city

70 শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ পাণ্ডু-কামাখ্যা নৱনিৰ্মিত পথৰ - পথটোৰ মুঠ দৈৰ্ঘ হৈছে 4.3 কি: মি:

পাণ্ডু-কামাখ্যা সংযোগী নতুন পথৰ কাম-কাজ ৭০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে ৷ এই নতুন পথটোৰ মুঠ দৈৰ্ঘ হৈছে 4.3 কি: মি: ৷

70 শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ পাণ্ডু-কামাখ্যা নৱনিৰ্মিত পথৰ

author img

By

Published : Dec 2, 2020, 6:51 AM IST

গুৱাহাটী, 2 ডিচেম্বৰ : প্ৰায় নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিছে পাণ্ডু-কামাখ্যা সংযোগী নতুন পথৰ ৷ বিগত 2018 চনৰ পৰা পথচোৱা নিৰ্মাণৰ কাম চলি আছে ৷ এই নতুন পথটোৰ মুঠ দৈৰ্ঘ হৈছে 4.3 কি: মি: ৷ লোক নিৰ্মাণ বিভাগৰ অধীনত পূৰ্ণ গতিত চলিছে কাম কাজ ৷ ইতিমধ্যেই পথচোৱাৰ সামগ্ৰিক কাম সম্পূৰ্ণ হৈছে ৷ এতিয়া বাকী আছে পথৰ দাঁতিৰ ৰেলিং, ষ্ট্ৰীট লাইট আদিৰ কাম ৷

70 শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ পাণ্ডু-কামাখ্যা নৱনিৰ্মিত পথৰ

জানিব পৰা মতে, এই পথটো হ'ব ৱান ৱে' ৷ পাণ্ডুৰ দিশৰ পৰা কামাখ্যা মন্দিৰলৈহে যাব পাৰিব এই পথটোৰে ৷ কামাখ্যা মন্দিৰলৈ যোৱা এই নৱনিৰ্মিত পথটোৰে যাতায়ত কৰিলে এক নৈসৰ্গিক শোভা পাব যাত্ৰীয়ে ৷ কিয়নো ব্ৰহ্মপুত্ৰৰ পাৰৰে নিৰ্মাণ কৰা হৈছে পথচোৱা ৷ এই পথটো মুকলিৰ পিছতেই কামাখ্যালৈ অহা দৰ্শনাৰ্থী আৰু অঞ্চলটোৰ ৰাইজৰ বাবে এক সুখৰ বতৰা কঢ়িয়াই আনিব ৷ স্থানীয় ৰাইজেও ব্যক্ত কৰে এই কথা ৷

ইয়াৰোপৰি অম্বুবাচীৰ সময়চোৱাত কামাখ্যাৰ মূল পথত সৃষ্টি হোৱা যানজঁটৰ সমস্যা ৰোধ হ'ব ৷ উল্লেখযোগ্য যে, অহা বৰ্ষৰ মাজভাগত হয়টো এই পথচোৱা ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব ৷ যোৱা কিছুদিন পূৰ্বে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পথটো শীঘ্ৰেই মুকলি কৰিব বুলি প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক : উজনি অসমৰ প্ৰথমটো গেছ ইনচুলেটেড উপকেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.