গুৱাহাটী,13 ফেব্ৰুৱাৰীঃ আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ ক্ষেত্ৰত সহায় হোৱাকৈ এগৰাকী আই আই টিয়ানে প্ৰস্তুত কৰি উলিয়াইছে এটা শিক্ষামূলক এপ ৷ গুৱাহাটী আই আই টিৰ ছাত্ৰ ৰবি নিশান্তৰ পৰিকল্পনাত আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষাৰ ক্ষেত্ৰত সহায় হোৱাকৈ প্ৰস্তুত কৰি উলিয়াইছে "এড'ভিজ' " নামৰ এটা শিক্ষামূলক এপ ৷ ছাত্ৰ-ছাত্ৰী সকলে নিজৰ মনে বিচৰা ধৰণে আগবাঢ়ি যাবৰ বাবে এই এপ'ৰ জৰিয়তে যথেষ্ট সহায়ক হ'ব । সম্পূৰ্ণ বিনামূলীয়াকৈ সেৱা দিবলৈ ওলোৱা এই এপ'টোৰ প্ৰধান বৈশিষ্ট্য হ'ল এই এপ'টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকলে নিৰ্বাচন কৰিব পাৰিব নিজৰ ক'চিং চেন্টাৰ ৷ এই এপ'টোত ক'চিং চেন্টাৰত পঢ়ি অহা ছাত্ৰ- ছাত্ৰী সকলেই সেই ক'চিং চেন্টাৰ খনৰ বিষয়ে ৰেটিং দিব। ইয়াৰ ওপৰত ভিত্তি কৰিয়ে এপ'টোৱে ক'চিং চেন্টাৰৰ গুণাগুণ নিৰ্বাচন কৰিব। আনহাতে এই এপ'টোৰ জৰিয়তে প্ৰতিবছৰে এটা পৰীক্ষা অনুষ্ঠিত কৰি স্থান পোৱা ১হাজাৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ ক'চিং আগবঢ়োৱাৰ লগতে ৬০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব ৷
শিক্ষাৰ ক্ষেত্ৰত এজন আই আই টি ছাত্ৰৰ বিশেষ পদক্ষেপ - শিক্ষামূলক এপ' "এড' ভিজ' "
দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও প্ৰাচীৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰিবলৈ এক বিশেষ পদক্ষেপ এজন আই আই টি ছাত্ৰৰ । গুৱাহাটী আই আই টিৰ ছাত্ৰ ৰবি নিশান্তৰ পৰিকল্পনাত আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষাৰ ক্ষেত্ৰত সহায় হোৱাকৈ প্ৰস্তুত কৰি উলিয়াইছে এটা শিক্ষামূলক এপ' "এড'ভিজ' "।