দিছপুৰ, 21 নৱেম্বৰ: উত্তৰ-পূব গ্ৰন্থ মেলাত শেহতীয়াকৈ প্ৰকাশিত বিজেপি নেতা সত্যৰঞ্জন বৰাৰ বহু বিতৰ্কিত গ্ৰন্থ "ইছলাম আৰু কোৰআনৰ কলংকিত কথাবোৰ"ৰ প্ৰত্যুত্তৰ দিবলৈ এইবাৰ দিছপুৰ প্ৰেছ ক্লাৱত ইছলামিক ষ্টাডীজ এণ্ড ৰিছাৰ্চ একাডেমিয়ে উন্মোচন কৰিলে এক নতুন গ্ৰন্থ "ভ্ৰান্তি ভংগ"। বৃহস্পতিবাৰে হাফিজ মৌলানা হিদায়াতুল ৱাদুদ কাছিমীৰ সম্পাদনাৰে প্ৰকাশিত "ভ্ৰান্তি ভংগ" নামৰ গ্ৰন্থখন উন্মোচন কৰি অনুষ্ঠানৰ সভাপতিত্ব কৰে প্ৰাক্তন প্ৰশাসনিক বিষয়া চৈয়দ ইফটীখাৰ হুছেইনে ৷ গ্ৰন্থখন উন্মোচনৰ পাছত সংবাদমেল যোগে কাছিমীয়ে কয় যে "ভ্ৰান্তি ভংগ" নামৰ গ্ৰন্থখনৰ জৰিয়তে সত্য ৰঞ্জন বৰাই কোৰআন আৰু ইছলামক লৈ উত্থাপিত কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ চেষ্টা কৰা হৈছে। সংবাদমেল যোগে ইছলাম,কোৰাণ আৰু নবী হজৰত মহম্মদক লৈ বিভিন্ন সময়ত উত্থাপিত হৈ অহা প্ৰশ্নসমূহৰ প্ৰসংগত ৰাইজৰ মনত সৃষ্টি হোৱা ভুল ধাৰণা সমূহ ভংগ কৰাৰ উদ্দেশ্যে গ্ৰন্থখন প্ৰকাশিত কৰা হৈছে প্ৰকাশকে সদৰি কৰে ৷ অসমীয়া ভাষাত প্ৰকাশিত গ্ৰন্থখন অসমবাসী ৰাইজৰ মাজত ইছলাম ধৰ্মৰ প্ৰকৃতস্বৰূপ দাঙি ধৰিবলৈ সক্ষম হ'ব প্ৰকাশক গোষ্ঠী আশাবাদী ৷
আৰু পঢ়ক: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীঃ বাহিৰৰ নেতাক বিশ্বাস নকৰিবলৈ আহ্বান মমতাৰ