ETV Bharat / city

দেশবাসীলৈ মুকুল চাংমাৰ আহ্বান - প্ৰাক্তন মুখ্যমন্ত্ৰী

ৰাজীৱ ভৱনত সংবাদমেলত অংশগ্ৰহণ কৰি মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ এই চৰকাৰখনে দেশক সুৰক্ষা প্ৰদানত সম্পূৰ্ণৰূপে বিফল হোৱা বুলি দাবী কৰে চাংমাই ৷ এইবাৰৰ নিৰ্বাচন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে মুকুল চাংমাই ৷

MUKUL SANGMA'S PRESS MEET
author img

By

Published : Apr 19, 2019, 11:01 PM IST

গুৱাহাটী, 19 এপ্ৰিল: উত্তৰ - পূৰ্বাঞ্চলৰ অন্তিমটো পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে শুকুৰবাৰে ৰাজীৱ ভৱনত এক সংবাদমেলত অংশগ্ৰহণ কৰে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই ৷ সংবাদমেলত চাংমাই মন্তব্য কৰে যে, এইবাৰৰ নিৰ্বাচন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত এইবাৰ দেশবাসীয়ে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰা উচিত ৷ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি চাংমাই কয় যে, মোদী চৰকাৰৰ দিনত দেশত সন্ত্ৰাসবাদীৰ আক্ৰমণ বৃদ্ধি পাইছে । এই চৰকাৰখনে দেশক সুৰক্ষা প্ৰদানত সম্পূৰ্ণৰূপে বিফল হোৱা বুলিও দাবী কৰে চাংমাই ৷

MUKUL SANGMA'S PRESS MEET

নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা উল্লেখ কৰি মুকুল চাংমাই মন্তব্য কৰে যে, বিজেপি চৰকাৰে ৰাইজৰ প্ৰতিবাদৰ পাছতো বিলখনৰ সমৰ্থন জনাই আহিছে আৰু এই চৰকাৰে উত্তৰ - পূৱৰ ৰাইজৰ মাজত বিভাজন আনিব ৷

Intro:এইবাৰৰ লোকসভা নিৰ্বাচন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। দেশবাসীক গণতন্ত্ৰ ৰক্ষা কৰাৰ বাবে ভোটদানৰ আহ্বান মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ।

Body:উত্তৰ পূৰ্বাঞ্চলত অহা ২৩ এপ্ৰিলত সমাপ্ত পৰিব লোকসভা নিৰ্বাচনৰ বাবে ভোটদান প্ৰক্ৰিয়া। উত্তৰ পূৰ্বাঞ্চলৰ অন্তিমটো পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই গুৱাহাটীস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কার্যলায় ৰাজীৱ ভৱনত এক সাংবাদমেল অনুষ্ঠিত কৰি কয় যে এইবাৰৰ লোকসভা নিৰ্বাচন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিবলৈ হলে এইবাৰ দেশবাসী বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব লাগিব। মুকুল চাংমাই নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰক আক্ৰমণ কৰি কয় যে এই চৰকাৰখন যদি পুনৰ আহে তেন্তে দেশৰ গণতন্ত্ৰ সংকটত পৰিব। এই চৰকাৰখনে চৰকাৰী সন্থা সমূহৰ ব্যৱহাৰ নিজৰ স্বাৰ্থৰ বাবে কৰিছে। বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি চাংমাই কয় মোদী চৰকাৰৰ দিনত দেশত দেশত সন্ত্ৰসবাদী আক্ৰমণ বৃদ্ধি পাইছে। এই চৰকাৰখনে দেশক সুৰক্ষা প্ৰদানত সম্পূৰ্ণৰূপে বিফল হৈছে।

বাইট : মুকুল চাংমা

Conclusion:নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সমৰ্থন কৰা এই বিজেপি চৰকাৰখনে উত্তৰ পূৱৰ ৰাইজৰ প্ৰতিবাদৰ পিছতো এই বিলখনৰ সমৰ্থন জনাই আছে। এইখন চৰকাৰে উত্তৰ পূৱৰ ৰাইজৰ মাজত বিভাজন আনিব বুলিও মন্তব্য কৰে মুকুল চাংমাই।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.