ETV Bharat / city

ডাঃ মুকুল হাজৰিকাৰ প্ৰত্যাৰ্পন প্ৰসংগঃ ১৬ জুনত ৱেষ্টমিনিষ্টাৰ আদালতে দিব ৰায়

author img

By

Published : May 26, 2022, 7:59 PM IST

ইংলেণ্ডত চিকিৎসা সেৱা আগবঢ়াই অহা প্ৰবাসী অসমীয়া তথা আলফা (স্বাধীন)ৰ এসময়ৰ সভাপতি বুলি সন্দেহ কৰা ডাঃ মুকুল হাজৰিকাক ভাৰত চৰকাৰে ঘূৰাই আনিব বিচৰা প্ৰক্ৰিয়া এক বিশেষ পৰ্যায়ত উপনীত হৈছে । কিন্তু এই প্ৰক্ৰিয়াই বহু চৰ্চিত শান্তি আলোচনা আগুৱাব নে পিছুৱাব !

Mukul Hazarikas extradition verdict in west minister court
ডাঃ মুকুল হাজৰিকাৰ প্ৰত্যাৰ্পন প্ৰসংগঃ ১৬ জুনত ৱেষ্টমিনিষ্টাৰ আদালতে দিব ৰায়

গুৱাহাটী, 26 মে': আলফা (স্বাধীন)ৰ এসময়ৰ সভাপতি বুলি সন্দেহ কৰা ডাঃ মুকুল হাজৰিকাৰ বিৰুদ্ধে লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ আদালতত (London West Minister Court) চলি থকা এক গোচৰৰ শুনানী প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে । ডাঃ হাজৰিকাক ভাৰতলৈ ঘূৰাই অনাৰ আৰ্জি দি ভাৰত চৰকাৰে ৱেষ্টমিনিষ্টাৰ মেজিষ্ট্ৰেট ক'ৰ্টৰ ওচৰত এক আবেদন দাখিল কৰিছিল ।

এই আবেদন সন্দৰ্ভত আদালতে দুয়ো পক্ষৰ পৰা শুনানী গ্ৰহন কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে শেষ কৰিছে । আদালত কৰ্তৃপক্ষই লণ্ডনত সাংবাদিকক জনোৱা মতে অহা ১৬ জুনত আদালতে এই গোচৰৰ ৰায় দিব । মূলতঃ পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)ৰ সভাপতি হিচাবে চৰকাৰকে মুখ্য কৰি বিভিন্ন পক্ষই সন্দেহ কৰি অহা পয়সত্তৰ বছৰীয়া ডাঃ মুকুল হাজৰিকাৰ (Dr. Mukul Hazarikas extradition case) প্ৰত্যাৰ্পনৰ বিষয়টোৱে বিশেষভাবে‌ চৰ্চা লাভ কৰি‌ আহিছে ।

অভিযোগ অনুসৰি ডাঃ মুকুল হাজৰিকাই বিগত সময়চোৱাত আলফাৰ মূল গোটৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ ভুমিকা লৈ আলফা (স্বাধীন)ৰ পুনৰ গঠনত জড়িত হৈ আহিছিল । অসমৰ কলিয়াবৰৰ পৰা গৈ উত্তৰ ইংলেণ্ডৰ ক্লেভালেন্ডত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা ডাঃ মুকুল হাজৰিকাই ইতিমধ্যে ইংলণ্ডৰ নাগৰিকত্বও গ্ৰহন কৰিছে ।

সেই বাবেই তেওঁৰ প্ৰত্যাৰ্পনৰ বাবে ভাৰত চৰকাৰে স্থানীয় আদালতৰ কাষ চাপিবলগীয়া হৈছে । উল্লেখযোগ্য যে শেহতীয়াকৈ সামৰণি পৰা এই প্ৰত্যাৰ্পন গোচৰৰ শুনানী প্ৰক্ৰিয়াত ভাৰত চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰা ক্ৰাউন প্ৰছিকিউছন ছাৰ্ভিছেজৰ অধিবক্তা বেন লয়েডে আদালতত যুক্তি প্ৰদৰ্শন কৰি কয় যে ডাঃ হাজৰিকা ভাৰতৰ সাৰ্বভৌমত্ব ৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা কামকাজৰ লগত জড়িত ।

লগতে পঢ়ক: কুখ্যাত অপৰাধীৰ উচটনিতেই হৈছিল বটদ্ৰৱা থানা আক্ৰমণ : লীনা দলে

তেওঁ উগ্ৰপন্থী সংগঠনৰ শিবিৰ স্থাপনৰ ক্ষেত্ৰত আগভাগ লৈ তেনে শিবিৰত উপস্থিত হৈ আলফাৰ পুনৰ সংগঠনত অৰিহনা আগবঢ়াইছে । গতিকে ভাৰত চৰকাৰে তেওঁৰ প্ৰত্যাৰ্পনৰ জড়িয়তে অনুসন্ধান প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ কৰিব বিচাৰে । প্ৰত্যাৰ্পন আবেদনত কোৱা‌ হয় যে আলফা যিহেতু এটা নিষিদ্ধ ঘোষিত সংগঠন সেয়ে তেনে সংগঠনৰ হৈ কাম কৰা ডাঃ মুকুল হাজৰিকাক আদালতে ভাৰতক সোধপোছ কৰাৰ বাবে সুযোগ দিব‌ লাগে ।

মনকৰিবলগীয়া যে দুয়োপক্ষৰ শুনানি গ্ৰহন কৰাৰ‌ পিছত ৱেষ্টমিনিষ্টাৰ মেজিষ্ট্ৰেট ক'ৰ্টৰ ন্যায়াধীশ মাইকেল স্ন'ৱে কয় যে অহা‌ ১৬ জুনত এই গোচৰৰ চুড়ান্ত ৰায় প্ৰদান‌ কৰা হ'ব ।‌‌ এইখিনিতে উল্লেখনীয় যে যোৱা জুন মাহত ইংলেণ্ডৰ প্ৰত্যাৰ্পন শাখাৰ দ্বাৰা গ্ৰেপ্তাৰ হৈ বৰ্তমানে জামিনত থকা ডাঃ মুকুল হাজৰিকাই আদালতৰ প্ৰতিটো শুনানিতে উপস্থিত থাকি তেওঁৰ অধিবক্তাৰ দ্বাৰা ভাৰত চৰকাৰৰ আবেদনৰ বিৰোধিতা কৰি সেয়া মানৱাধিকাৰৰ পৰিপন্থী আবেদন‌ বুলি আদালতক পতিয়ন‌ নিয়াবলৈ চেষ্টা কৰি আহিছে ।

ডাঃ হাজৰিকাৰ প্ৰত্যাৰ্পন ভাৰত চৰকাৰে বিচৰা ধৰনে হব‌নে নহ'ব সেয়া অহা ১৬ জুনত আদালতে দিবলগীয়া ৰায়ে স্পষ্ট কৰিব । কিন্তু এই প্ৰক্ৰিয়াই আলফা-চৰকাৰৰ মাজৰ প্ৰস্তাৱিত শান্তি আলোচনাৰ প্ৰক্ৰিয়াক কিদৰে প্ৰভাৱিত কৰিব সেয়া লক্ষনীয় হ'ব । কাৰন বিদ্ৰোহী সংগঠন আলফাৰ মুল গোটটোৰ সভাপতি অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন গোটৰ সৈতে চৰকাৰে আলোচনা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছিল । কিন্তু পৰেশ বৰুৱাই আলফা (স্বাধীন)ৰ ভেটি শক্তিশালী কৰি তোলাৰ লগে লগে পূৰ্বৰ সেই প্ৰক্ৰিয়া শিথিল হৈ পৰে ।

লগতে পঢ়ক: ৰকিবুল হুছেইনে পদত্যাগ কৰা নাই : ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.