ETV Bharat / city

হাগ্ৰামাই বিটিএডিত যি ষড়যন্ত্ৰ কৰি আছে সেয়া ফলপ্ৰসু নহয়ঃ সাংসদ নৱ শৰণীয়া

author img

By

Published : Oct 20, 2019, 6:18 AM IST

হাগ্ৰামাৰ বিৰুদ্ধে সাংসদ নৱ শৰণীয়াৰ বিস্ফোৰণ । বাংলাদেশৰ পৰা বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ হাগ্ৰামাৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে সাংসদ নৱ শৰণীয়া ৷

হাগ্ৰামাৰ বিৰুদ্ধে সাংসদ নৱ শৰণীয়াৰ বিস্ফোৰণ

দক্ষিণ কামৰূপ,10 অক্টোবৰঃ শনিবাৰে বাংলাদেশ ভ্ৰমণৰ পৰা আহি গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়া ৷ বিমানবন্দৰ চৌহদত সংবাদ মাধ্যমৰে সৈতে হোৱা চমু বাৰ্তালাপত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে সাংসদগৰাকী ৷ সাংসদগৰাকীয়ে বিটিএডিত মহিলাৰীৰ নেতৃত্বত বিপিএফে ভয়-ভাবুকিৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে ৷ আনহাতে বিভিন্ন বড়ো সংগঠনৰ লগত মিলিত হৈ বিপিএফে বড়ো আৰু অবড়োসকলক দ্বি-খণ্ডিত কৰিব বিচাৰিছে বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে ৷ তদুপৰি, বিটিএডি নতুনকৈ চাৰিখনকৈ জিলা গঠনৰ প্ৰস্তাৱটোক কটাক্ষ কৰি শৰণীয়াই কয়," বিটিএডিত থকা আগৰ জিলা সমূহকে ভালদৰে পৰিচালিত কৰিব পৰা নাই, এতিয়া নতুনকৈ জিলা অধিক কৰি হাগ্ৰামাই কি কৰিব সেয়া বিটিচিৰ জনসাধাৰণে জানে ।" সাংসদগৰাকীয়ে বিটিএডিত উন্নয়নৰ স্থৱিৰতাৰ বাবে বিপিএফ আৰু হাগ্ৰামা মহিলাৰীক ইযাৰ বাবে মূল জগৰীয়া বুলি অভিহিত কৰে ৷

আৰু পঢ়ক

Intro:হাগ্ৰামাৰ বিৰুদ্ধে সাংসদ নৱ শৰনীয়াৰ বিস্ফোৰণ ।
Body:Ocvo..হাগ্ৰামাই BTADত যি ষড়যন্ত্ৰ কৰি আছে সেয়া ফলপ্ৰসু নহয় ।
BTADৰ লোকসকলোক ভয়-ভাবুকিৰে ৰাজনীতি আৰম্ভ কৰিছে হাগ্ৰামাই ।
হাগ্ৰামাই BTADত ধীৰেণ বড়োক লৈ যি ৰাজনীতি আৰম্ভ কৰিছে আৰু বড়ো সকলোক দ্বী-খণ্ডিত কৰিব ওলাইছে সেয়া কোনো কাৰণতে হ'বলৈ দিয়া নহ'ব ।
নৱ শৰণীয়াৰ ভয়ত শংকিত হৈ হাগ্ৰামাই হকে-বিহকে কৈ আছে ।
BTADত থকা আগৰ জিলা সমুহকে ভালদৰে পৰিচালিত কৰিব পৰা নাই এতিয়া নতুনকৈ জিলা অধিক কৰি হাগ্ৰামাই কি কৰিব সেয়া BTCৰ জনসাধাৰণে জানে ।
BTC বুলিবলৈ একোৱে নাই,BTCত উন্নয়ন বুলিবলৈ একোৱে নাই ।
হাগ্ৰামাই নিজ মইমতালিৰে যি কৰি আছে সেয়া অহা নিৰ্বাচনত হাগ্ৰামাক উফৰাই পেলাব ।
BTCত অহা নিৰ্বাচনত নৱ শৰণীয়া আৰু দলে নিৰ্বাচনত জয়ী হৈ BTCত উন্নয়ন সাধন কৰিব ।Conclusion:বাংলাদেশৰ পৰা বৰঝাৰ বিমানবন্দৰত উপস্থিত হাগ্ৰামাৰ বিৰুদ্ধে এনেদৰে ক্ষোভ প্ৰকাশ কৰিলে সাংসদ নৱ শৰণীয়াই ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.