ETV Bharat / city

মিঞা মিউজিয়ামৰ বিতৰ্ক বিজেপি সৃষ্ট বুলি ক’লে অজিত কুমাৰ ভূঞাই - মিঞা মিউজিয়াম সম্পৰ্কত অজিত কুমাৰ ভূঞাৰ মন্তব্য

মিঞা মিউজিয়াম বিতৰ্ক সম্পৰ্কত মন্তব্য আগবঢ়াইছে সাংসদ অজিত কুমাৰ ভূঞাই ৷ এই বিতৰ্ক বিজেপি সৃষ্ট বুলি মন্তব্য ভূঞাৰ ৷

ৰাজ্যসভাৰ সাংসদ
মিঞা মিউজিয়াম বিতৰ্ক
author img

By

Published : Nov 2, 2020, 9:39 PM IST

গুৱাহাটী, 2 নৱেম্বৰ : ৰাজ্যত এতিয়া মিঞা মিউজিয়াম ৰাজনীতি তুংগত । শাসকীয় পক্ষৰ নেতা-মন্ত্ৰীৰ মুখে মুখে কেৱল মিঞা বিতৰ্ক । এই সন্দৰ্ভত সোমবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিশিষ্ট সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই । এই বিতৰ্ক বিজেপিয়ে অযথা সৃষ্টি কৰিছে বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে ।

মিঞা মিউজিয়াম সম্পৰ্কত অজিত কুমাৰ ভূঞাৰ মন্তব্য

তদুপৰি মিঞা মিউজিয়ামকলৈ তোলপাৰ কৰা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বাঙালী মিউজিয়ামৰ ক্ষেত্ৰত কিয় মৌন বুলি প্ৰশ্ন উত্থাপন কৰে সাংসদ অজিত কুমাৰ ভূঞাই ৷ এনে বিতৰ্ক কেৱল শাসকীয় পক্ষই কৰি আছে ।

বিধায়ক শ্বেৰমান আলী আৰু কমলাক্ষ দে পুৰকায়স্থক বিজেপিৰ এজেণ্ট আখ্যা দিয়ে সাংসদ অজিত কুমাৰ ভূঞাই । ইফালে একাংশ সংবাদ মাধ্যমৰ ভূমিকা সন্দৰ্ভতো সৰৱ হ'ল সাংসদগৰাকী । বিজেপিয়ে নিজৰ সংবাদ মাধ্যমৰ জৰিয়তে নানা অপপ্ৰচাৰ কৰি থকা বুলিও কয় সাংসদ ভূঞাই । আনহাতে, কাৰাবন্দী অখিল গগৈ মুক্ত হ'লেই জাতীয়তাবাদী শিবিৰে এক শক্তি লাভ কৰিব বুলি কয় সাংসদগৰাকীয়ে ।

লগতে পঢ়ক : শ্বেৰমান আলীক বহিস্কাৰৰ দাবী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.