ETV Bharat / city

মুখ্যমন্ত্রীয়ে পুৰণি খেল আকৌ আৰম্ভ কৰিছে : সাংসদ আব্দুল খালেক

author img

By

Published : Mar 27, 2022, 8:46 PM IST

Updated : Mar 27, 2022, 8:53 PM IST

‘‘মুখ্যমন্ত্ৰীয়ে পুৰণি খেল আকৌ আৰম্ভ কৰিছে’’ এই বুলি ৰাজ্যসভা (Rajya sabha election 2022) ৰ দুখন আসনতে বিজেপি মিত্ৰজোঁটে প্ৰাৰ্থী দিয়াকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংসদ আব্দুল খালেকে । লগতে কংগ্ৰেছৰ বিধায়ক সকলৰ ওপৰত আস্থা আছে আৰু তেওঁলোকে কেতিয়াও ক্ৰছ ভোটিং নকৰে বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে ৷

mp-abdul-khaleque-criticize-cm-himanta-biswa-sarma
মুখ্যমন্ত্রীয়ে পুৰণি খেল আকৌ আৰম্ভ কৰিছে : সাংসদ আব্দুল খালেক

গুৱাহাটী, 27 মাৰ্চ : ৰাজ্যসভা (Rajya sabha election 2022) ৰ দুখন আসনতে বিজেপি মিত্ৰজোঁটে প্ৰাৰ্থী দিয়াকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংসদ আব্দুল খালেকে । সংখ্যাৰ ফালৰ পৰা দ্বিতীয়খন আসনত বিজেপি মিত্ৰজোঁট জয়ী হ'ব নোৱাৰে যদিও প্ৰাৰ্থী দিয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে দুয়োখনতে জয়ী হোৱাৰ কথা সদৰি কৰাক লৈ সাংসদ খালেকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (MP Abdul Khaleque on Rajya sabha election) ।

দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, গণতন্ত্ৰক হত্যা কৰিব বিচৰা হৈছে । সংখ্যা বিৰোধীৰ পক্ষত আছে । তেনেস্থলত বিজেপিয়ো প্ৰাৰ্থী দিবই নালাগিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইটো পুৰণি খেল সাংসদ খালেকে মন্তব্য প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীয়ে পুৰণি খেল আকৌ আৰম্ভ কৰিছে (Abdul Khaleque criticizes CM Himanta Biswa Sarma )।

লগতে তেওঁ কয় যে, কংগ্ৰেছৰ বিধায়ক সকলৰ ওপৰত আস্থা আছে আৰু তেওঁলোকে কেতিয়াও ক্ৰছ ভোটিং নকৰে । এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে কংগ্ৰেছৰ বিধায়কৰ ওপৰত সন্দেহ প্ৰকাশ কৰা সন্দৰ্ভত তেওঁ কয় যে আজমলৰ দলৰ বহু বিধায়কে পূৰ্বে তেওঁলোকৰ দলৰ স্থিতিৰ সৈতে একমত নাছিল । কেইবাজনো বিধায়কে পূৰ্বে দলৰ নিৰ্দেশৰ বিপৰীতে গৈ ৰাজ্যসভাৰ নিৰ্বাচনত ভোট দিয়াৰ নজিৰ আছে ।

ইয়াৰলগতে তেওঁ লগতে কয় যে, সেইসকলক আজমলে পুনৰ টিকট দিয়াৰো নজিৰ আছে । কংগ্ৰেছৰ বিধায়কে ভোট দিব নে নাই সেই কথা আজমলে কেনেকৈ জানিব পাৰিলে বুলি সাংসদ খালেকে প্ৰশ্ন উত্থাপন কৰে । এ আই ইউ ডি এফ দল অসমত কোনো দিনেই বিকল্প হ'ব নোৱাৰে বুলি সদৰি কৰি তেওঁ কয় যে, এ আই ইউ ডি এফৰ উত্থানে বিজেপিক সহায় কৰিব ।

আনহাতে, চাকৰিৰ আবেদনৰ ক্ষেত্রত মাছুল ধাৰ্য কৰা সন্দৰ্ভত সাংসদ খালেকে কয় যে নিবনুৱাক চাকৰি দিব নোৱাৰা চৰকাৰে মাছুল লোৱাটো বন্ধ কৰিব লাগে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু কামৰ কোনো মিল নাই বুলি অভিযোগ কৰি তেওঁ কয় যে, প্ৰধানমন্ত্ৰী মোডীৰ আদৰ্শৰে মুখ্যমন্ত্ৰী চলাটো কোনো আচৰিত কথা নহয় ।

লগতে পঢ়ক : কিশোৰৰ ভৰিত মেৰিয়াই ধৰিলে প্ৰকাণ্ড সাপে

Last Updated : Mar 27, 2022, 8:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.