ETV Bharat / city

নিৰ্বাচনী প্ৰস্তুতিৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী - Modi to visit Assam

সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ইতিমধ্যে অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ বুজ লৈছে কেবাগৰাকীও শীৰ্ষ বিজেপি নেতাই ৷ ইয়াৰ ভিতৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জগতপ্ৰকাশ নাড্ডা আৰু বিজেপিয়ে নিযুক্ত কৰা ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা অন্যতম আছিল ৷

নিৰ্বাচনী প্ৰস্তুতিৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Jan 12, 2021, 2:30 PM IST

নিউজ ডেস্ক, 12 জানুৱাৰী : অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে অসমলৈ সোঁত বৈছে ৰাষ্ট্ৰীয় নেতাৰ ৷ ইতিমধ্যে বিজেপি দলৰ তিনিগৰাকীকৈ শীৰ্ষ নেতাই অসম ভ্ৰমণ কৰিছে ৷ এনে অৱস্থাত অসম বিজেপিৰ নিৰ্বাচনী প্ৰস্তুতি শক্তিশালী কৰিবলৈ অসমলৈ শীঘ্ৰেই আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

অসমত শাসনত থকা বিজেপিয়ে 2021ৰ নিৰ্বাচনত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো ইতিমধ্যে নিশ্ছিত হৈ পৰিছে, যদিও বিজেপিয়ে 100+ আসন দখল কৰিব বুলি কৈ আহিছে ৷ নিৰ্বাচনী প্ৰস্তুতিত সাৰ-পানী যোগাবলৈ ইতিমধ্যে অসম ভ্ৰমণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জগত প্ৰকাশ নাড্ডাৰ লগতে অসম বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই ৷ এইবাৰ নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰি তুলিবলৈ অসম ভ্ৰমণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

সোমবাৰে শিলচৰত অনুষ্ঠিত হোৱা বিজেপি সভাৰ পিচতেই কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে ৷ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি, অহা 23 জানুৱাৰীত অসমলৈ আহিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰী মোডীৰ উপৰিও 24 জানুৱাৰীত কোকৰাঝাৰ আৰু নলবাৰীত দুখনকৈ সভাত ভাগ লোৱাৰ উদ্দেশ্যে পুনৰবাৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷

লগতে পঢ়ক : পুণেৰ পৰা দিল্লীলৈ ক'ভিড-১৯ প্ৰতিষেধকৰ প্ৰথমখন বিমান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.