ETV Bharat / city

প্ৰধানমন্ত্ৰীৰ জন্মদিনত আশু আৰোগ্য কামনা বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ

author img

By

Published : Sep 17, 2021, 10:25 PM IST

"সেৱা আৰু সমৰ্পণ অভিযান" ৰ অংশ ৰূপে শুকুৰবাৰে প্ৰথমটো দিনত ৰাজ্যিক সংখ্যালঘু মৰ্চাই ৰাতিপুৱা ৮ বজাত পাণবাজাৰস্থিত ডনবক্সো গীৰ্জাত আৰু ১০ বজাত আমবাৰীস্থিত জামে মছজিদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ কামনা কৰি প্ৰাৰ্থনা সভাৰ আয়োজন কৰে ।

প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উপলক্ষে সেৱা আৰু সমৰ্পণ অভিযান কাৰ্যসূচী বিজেপিৰ

গুৱাহাটী,17 ছেপ্তেম্বৰ : ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুকুৰবাৰে জন্মদিনটোক ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তত্বাৱধানত ৰাজ্যিক সংখ্যালঘু মৰ্চায়ো উদযাপন কৰে ৷ অহা ৭ অক্টোবৰলৈ “সেৱা আৰু সমৰ্পণ অভিযান“ নামেৰে বিভিন্ন জনসেৱামূলক কাৰ্যসূচী হাতত লৈছে বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাই ৷

"সেৱা আৰু সমৰ্পণ অভিযান" ৰ অংশ ৰূপে আজি প্ৰথমটো দিনত ৰাজ্যিক সংখ্যালঘু মৰ্চাই ৰাতিপুৱা ৮ বজাত পাণবাজাৰস্থিত ডনবক্সো গীৰ্জাত আৰু ১০ বজাত আমবাৰীস্থিত জামে মছজিদত প্ৰধানমন্ত্ৰী গৰাকীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ কামনা কৰি প্ৰাৰ্থনা সভাৰ আয়োজন কৰে ।

দুয়োটা অনুষ্ঠানতে ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা , উপ-সভাপতি পল্লৱ লোচন দাস, সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়াছ কুজুৰ, সাধাৰণ সম্পাদকদ্বয় মুস্তাক উদ্দিন আহমেদ, শ্বহিদুল ইছলাম উপস্থিত থাকে ৷

একেদৰে ৰাজ্যিক উপ-সভাপতিদ্বয়, সম্পাদকদ্বয়, চ’ছিয়েল মিডিয়া কোষৰ আহ্বায়ক তাফজুল আলী, মিডিয়া কোষৰ আহ্বায়ক হজৰত জাকাৰিয়া ভূঞাৰ লগতে ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যকৰ্তা তথা প্ৰধানমন্ত্ৰী মোদীৰ শুভকাংশী সকল উপস্থিত থাকে ।

লগতে পঢ়কঃ নৰেন্দ্ৰ মোডীৰ জন্মদিনত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ 'নিবনুৱা দিৱস' পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.