গুৱাহাটী, 27 ছেপ্তেম্বৰ: এন আৰ চিৰ বিৰোধিতা কৰা শাসকীয় দলৰ একাংশৰ প্ৰতি সৰৱ হৈ উঠিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম ৷ এন আৰ চিৰ চূড়ান্ত তালিকাৰ প্ৰকাশৰ পাছৰে পৰা ৰাজ্যত এন আৰ চিক নস্যাৎ কৰিবলৈ গৈ উচ্চতম ন্যায়ালয়ক আক্ৰমণৰ লক্ষ্য কৰি লোৱা নেতা-মন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ক নিজাববীয়াকৈ গোচৰ ল'বলৈ আহ্বান জনালে বিধায়কগৰাকীয়ে ৷ ইফালে অসাংবিধানিক আৰু অগণতান্ত্ৰিক মন্তব্যৰে সমাজত বিষবাষ্প বিয়পোৱা বিধায়ক শিলাদিত্য দেৱক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই বিধায়ক আমিনুল ইছলামে ৷ বিধায়কগৰাকীয়ে কয় যে দেশৰ উচ্চতম ন্যায়ালয়ক অৱমাননা কৰি দেশৰ গণতান্ত্ৰিক সত্তাক হত্যা কৰিছে শাসকীয় দলৰ একাংশ মন্ত্ৰী বিধায়কে ৷
উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা নেতা-মন্ত্ৰীৰ বিৰুদ্ধে নিজাববীয়া গোচৰ লওঁক : আমিনুল ইছলাম
দেশৰ উচ্চতম ন্যায়ালয়ক অৱমাননা কৰি দেশৰ গণতান্ত্ৰিক সত্তাক হত্যা কৰিছে শাসকীয় দলৰ একাংশ মন্ত্ৰী বিধায়কে ৷