ETV Bharat / city

নিযুক্তি কেলেংকাৰী বিজেপি চৰকাৰৰ দিনত হোৱা নাই: পীযুষ হাজৰিকা

author img

By

Published : Sep 16, 2022, 7:49 PM IST

বৃহস্পতিবাৰে নিযুক্তি কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই কেতবোৰ মন্তব্য কৰে (Minister Pijush Hazarika reacts on job scam ) ৷ পৰীক্ষাৰ ৰিজাল্ট ওলালে চাব কোনে চাকৰি পাইছে, তেতিয়া দুধ কা দুধ পানী কা পানী হৈ যাব বুলিও মন্তব্য কৰে পীযুষ হাজৰিকাই ।

minister-pijush-hazarika-reacts-on-job-scam
নিযুক্তি কেলেংকাৰী বিজেপি চৰকাৰৰ দিনত হোৱা নাই: পীযুষ হাজৰিকা

গুৱাহাটী, ১৬ ছেপ্তেম্বৰ: ‘‘নিযুক্তি কেলেংকাৰী হোৱাই নাই । নিযুক্তি কেলেংকাৰী হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত। বিধায়কৰ লগত ফটো থকা কোনোবাই চাকৰি পাব পাৰে। প্ৰয়াত মুখ্যমন্ত্ৰীৰ ঘৰৰ কোনে কোনে চাকৰি পাইছিল তালিকাখন দি দিম মই। আমাৰ চৰকাৰৰ দিনত যোগ্যজনে চাকৰি পাইছে’’ বৃহস্পতিবাৰে নিযুক্তি কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত এইদৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika reacts on job scam ) ৷

অসম চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তিৰ (Assam Direct Recruitment) পৰা লখিমপুৰ মেডিকেল কলেজৰ ঠিকাভিত্তিক নিযুক্তিৰ ক্ষেত্ৰত হোৱা কেলেংকাৰী (Lakhimpur Medical College recruitment scam) প্ৰসংগত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে মন্ত্ৰী পীযুষ হাজৰিকাই এইদৰে কৰা মন্তব্যই সম্প্ৰতি যথেষ্ট তোলপাৰ লগাইছে ৷ লগতে পৰীক্ষাৰ ৰিজাল্ট ওলালে চাব কোনে চাকৰি পাইছে, তেতিয়া দুধ কা দুধ পানী কা পানী হৈ যাব বুলিও মন্তব্য কৰে পীযুষ হাজৰিকাই ।

লগতে নেতাৰ ঘনিষ্ঠই চাকৰি পোৱা সন্দৰ্ভত তেওঁ এজন বিধায়কৰ লগত ফটো উঠা ব্যক্তিজন যোগ্য নহ'ব নেকি বুলি প্ৰশ্ন কৰে ৷ ভিক্টৰ দাসৰ জামিন প্ৰসংগত পীযুষ হাজৰিকাই ভিক্টৰ দাসৰ জামিন প্ৰসংগত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ত কোনো মন্তব্য নকৰে বুলি সদৰি কৰে ।

লগতে পঢ়ক: শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ আনন্দত আত্মহাৰা আদিবাসী সমাজ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.