ETV Bharat / city

অসম-মেঘালয় বাংলাদেশ সীমান্তত মৃদু ভূমিকম্পৰ জোঁকাৰণি

author img

By

Published : Feb 21, 2020, 5:22 PM IST

শুকুৰবাৰে ৰিখ্টাৰ স্কেলত 2.9 ৰ পৰা 3.3 প্ৰাবল্যৰ দুটা মৃদু ভূমিকম্পই জোঁকাৰি গ’ল অসম-মেঘালয়ৰ বাংলাদেশ সীমান্তৰ নিকটৱৰ্তী অঞ্চল ৷ এই কথা সদৰি কৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷

অসম-মেঘালয় বাংলাদেশ সীমান্তত মৃদু ভূমিকম্পৰ জোঁকাৰণি
অসম-মেঘালয় বাংলাদেশ সীমান্তত মৃদু ভূমিকম্পৰ জোঁকাৰণি

নিউজ ডেস্ক, 21 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে দুটা মৃদু ভূমিকম্পই জোঁকাৰি যায় অসম-মেঘালয় বাংলাদেশ সীমান্তত ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে পুৱা 8.32 মিনিটত অনুভূত হয় প্ৰথমটো ভূমিকম্পৰ জোঁকাৰণি ৷ ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল 2.9 ৷ আনহাতে পুনৰ দুপৰীয়া 2.05 বজাত শ্বিলং, ডিমা হাছাও জিলাত 3.3 প্ৰাবল্যৰ আন এটা ভূমিকম্পই জোঁকাৰি যায় ৷ দুয়োটা ভূমিকম্পই ভূ-পৃষ্ঠৰ 10-15 কিলোমিটাৰ তলত উৎপত্তিস্থল বুলি জানিব পৰা গৈছে ৷

যোৱা সপ্তাহতো দুটাকৈ ভূমিকম্পই ম্যানমাৰ সীমান্তৰ অসম-নৰ্থ বেংগল(পশ্চিম বংগ) আৰু মণিপুৰত জোঁকাৰি গৈছিল ৷ দুয়োটা ভূমিকম্পৰে ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ক্ৰমে 5 আৰু 3.6 ৷

উল্লেখ্য যে, ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক ভূমিকম্প প্ৰৱনতাৰ স্থানৰ ষষ্ঠ সূচীত আছে উত্তৰ-পূৰ্বাঞ্চল ৷ য’ত ভূমিকম্পৰ সম্ভাৱনা অধিক ৷

ইয়াৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰ শ্বিলংত 1897 চনত 8.2 আৰু 1950 চনত অসমত 8.7 প্ৰাবল্যৰ বৰ ভূঁইকম্পে জোঁকাৰি গৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.