ETV Bharat / city

বানৰ পাছত কেঁচা শাক-পাচলিৰ সন্ত্ৰাস

মহানগৰীৰ বজাৰত বৃদ্ধি হ'ল শাক-পাচলিৰ মূল্য । প্ৰতিবিধ পাচলিৰ মূল্য বৃদ্ধি হয় ১০-৩০টকালৈ ।

author img

By

Published : Jul 21, 2019, 6:41 PM IST

বানৰ পাছত কেঁচা শাক-পাচলিৰ সন্ত্ৰাস

গুৱাহাটী,২১জুলাই : ৰাজ্যত প্ৰলয়ংকাৰী বানৰ পাছত এইবাৰ সন্ত্ৰাস চলাইছে শাক-পাচলিয়ে । মহানগৰীৰ বজাৰত প্ৰতিবিধ শাক-পাচলিৰ মূল্য বৃদ্ধি হয় ১০ৰ পৰা ৩০টকালৈ । বেঙেনা, বিলাহী, কোমোৰাৰ পৰা আদি কৰি সকলো পাচলিৰ মূল্য বৃদ্ধি হোৱাত চিন্তিত হৈ পৰিছে সৰ্বসাধৰণ ৰাইজ । প্ৰলয়ংকাৰী বানে খেতিয়কসকলৰ সকলো শাক-পাচলি নষ্ট কৰাৰ বাবে এই শাক-পাচলিসমূহৰ মূল্য বৃদ্ধি হোৱা বুলি একাংশ ব্যৱসায়ীয়ে মন্তব্য কৰে ।

বানৰ পাছত কেঁচা শাক-পাচলিৰ সন্ত্ৰাস
ইফালে, মহানগৰীৰ বজাৰত কোনো সামগ্ৰীৰ মূল্য ব্যৱসায়ীয়ে নিজ ইচ্ছামতে বৃদ্ধি কৰিব নোৱাৰিব বুলি মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই দিয়া কঠোৰ নিৰ্দেশনাকো মহানগৰীৰ মুনাফালোভী বেপাৰীয়ে অমান্য কৰি আছে বুলি সৰ্বসাধৰণ ৰাইজে মন্তব্য কৰে ।

Intro: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাকো কেৰেপ নকৰে মহানগৰীৰ মুনাফালুভী বেপাৰিয়ে।মহানগৰীৰ বজাৰত বাঢ়িল পাচলিৰ দাম । বজাৰত প্ৰতিটো পাচলিৰ দাম বাঢ়িছে 10 টকাৰ পৰা 30 টকা পৰ্যন্ত বাঢ়িছে। বজাৰলৈ মোনা ভৰাই পাচলিৰ বজাৰ কৰিবলৈ হলে সাধাৰণ ৰাইজৰ বাবে এতিয়া বহুবাৰ ভাবিব লগা অৱস্থা। পাচলি ব্যৱসায়ী সকলে প্ৰতিটো পাচলিৰ কিমান দাম বাঢ়িছে আৰু কিয় বাঢ়িছে সেই বিষয়ে কলে ।

Body:বজাৰত পাচলিৰ দাম বাঢ়িছে। বেঙেনা, বিলাহী, কোমোৰাৰ পৰা আদি কৰি সকলো পাচলিৰ দাম 10 টকাৰ পৰা আৰম্ভ কৰি দাম বাঢ়িছে। পাচলিৰ দাম বঢ়াৰ কাৰণ সমগ্ৰ অসমত বানপানীয়ে নষ্ট কৰিলে বহু পাচলিৰ খেতি। যাৰ ফলত দাম বাঢ়িছে পাচলিৰ।
Bite:- ব্যৱসায়ী।
বজাৰলৈ মোনা ভৰাই গৃহিনী সকলে পাচলিৰ বজাৰ কৰিবলৈ আহিলেও বজাৰত আহি পাচলিৰ দাম শুনি আচৰিত হব লগা অৱস্থা গৃহিনীসকলৰ।
Bite:-গ্ৰাহক।
এতিয়া প্ৰশ্ন হয় পাচলিৰ দাম নিজ ইচ্ছা অনুসৰি ব্যৱসায়ী সকলে বঢ়াইছে নেকি বজাৰত?

Conclusion:বানৰ সুযোগ লৈ বেপাৰীয়ে শাক পাচলি দাম বৃদ্ধি কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছিল যদিও সেয়া প্ৰকৃততে হোৱা নাই পাচলিৰ বজাৰত। মন্ত্ৰীৰ ঘোষণাৰ পিছতো যোগান মন্ত্ৰী সকলে এতিয়া পাচলিৰ দামৰ ক্ষেত্ৰত কেনেদৰে পদক্ষেপ লব সেইয়া হব লক্ষণীয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.