ETV Bharat / city

Russia Ukraine War: যুদ্ধৰ বিভীষিকাৰ পৰা আহিল অসমৰ আৰু ২২ গৰাকী শিক্ষাৰ্থী - Many Assamese students from Ukraine have arrived in India

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ অব্যাহত আছে (Russia Ukraine War) । সমগ্ৰ বিশ্ববাসী উদ্বিগ্ন হৈ থকাৰ মাজতে ভাৰত পালেহি অসমৰ আৰু ২২ গৰাকী শিক্ষাৰ্থী ৷ ইফালে অসম চৰকাৰে লাভ কৰা তথ্য অনুসৰি যুদ্ধজৰ্জৰ ইউক্ৰেইনত অসমৰ 160 গৰাকী লোক আৱদ্ধ হৈ আছে (Assamese people stranded in ukraine) ।

assamese-students-studying-in-ukraine-to-arrive-india
যুদ্ধৰ বিভীষিকাৰ পৰা আহিল অসমৰ আৰু ২২ গৰাকী শিক্ষাৰ্থী
author img

By

Published : Mar 3, 2022, 3:32 PM IST

গুৱাহাটী, 3 মাৰ্চ : ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত হৈ পৰা ইউক্ৰেইন (Russia Ukraine War) ত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে অভিযান অব্যাহত ৰাখিছে । বৃহস্পতিবাৰেও বহু সংখ্যক ভাৰতীয় লোকক উদ্ধাৰ কৰি স্বদেশলৈ অনা হয় । প্ৰতিটোমূহুৰ্ততে ইউক্ৰেইনত আৱদ্ধ অসমৰ লোকসকলক উদ্ধাৰ কৰি আনিবৰ বাবে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰনালয়ৰ সৈতে অসম চৰকাৰে অবিৰতভাৱে যোগাযোগ অব্যাহত ৰাখিছে । ইতিমধ্যে অসমৰ 32 গৰাকী শিক্ষাৰ্থীক সুকলমে উদ্ধাৰ কৰি অসমলৈ উভতাই অনা হৈছে (Assamese students from Ukraine have arrived in India) ৷

assamese-students-studying-in-ukraine-to-arrive-india
যুদ্ধৰ বিভীষিকাৰ পৰা আহিল অসমৰ আৰু ২২ গৰাকী শিক্ষাৰ্থী

বৃহস্পতিবাৰে পৃথকে পৃথকে মুঠ 22 গৰাকী অসমৰ শিক্ষাৰ্থী ভাৰতত উপস্থিত হয় । সেই হিচাপত এতিয়ালৈকে অসমৰ 54 গৰাকী শিক্ষাৰ্থী যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা সুকলমে স্বদেশলৈ ঘূৰি আহিছে । এই শিক্ষাৰ্থীসকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ গাজিয়াবাদস্থিত হিণ্ডন বিমানবন্দৰত উপস্থিত হয় ইউক্ৰেইনৰ পৰা অহা অসমৰ আন 10 গৰাকী শিক্ষাৰ্থী

এই শিক্ষাৰ্থীকেইগৰাকীৰ নাম ক্ৰমে, ৰিয়া শৰ্মা ঠাকুৰ(ডিব্ৰুগড়), মহম্মদ নিছাৰ আলম(গুৱাহাটী), অমিতেশ নাথ(গুৱাহাটী), মুকুল দোশী, ৱাকিব আমিন মজুমদাৰ, অংশুল ভাৰাতীয়া, জিণ্টু ফুকন, নিশিকেশ কৌশিক, মহম্মদ পাকিজ আহমেদ(মঙলদৈ) আৰু হিমজ্যোতি তালুকদাৰ (শুৱালকুছি) ।

এই শিক্ষাৰ্থীসকলকো অসম ভৱনত ৰখাৰ ব্যৱস্থা কৰা হৈছে । অসম চৰকাৰে তেওঁলোকক বিমান যোগে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিব । উল্লেখ যে শেহতীয়াকৈ অসম চৰকাৰে যুদ্ধজৰ্জৰ ইউক্ৰেইনত অসমৰ 160 গৰাকী লোক আৱদ্ধ হৈ থকাৰ তথ্য লাভ কৰিছে (Assamese people stranded in ukraine) । পৰিয়ালৰ লোককে ধৰি বিভিন্ন উৎসৰ পৰা অসম চৰকাৰে এই তথ্য লাভ কৰিছে যদিও এই সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে (Assamese students trapped in Ukraine) ।

যুদ্ধই বিধ্বস্ত কৰি পেলোৱা ইউক্ৰেইনত অধ্যয়নসূত্ৰে থকা অসমৰ শিক্ষাৰ্থীক উদ্ধাৰ কৰি অনাৰ বাবে অসম চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । ইফালে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে তীব্ৰতৰ কৰা হৈছে ‘অপাৰেচন গংগা’ (Operation Ganga) । ইউক্ৰেইনৰ কাষৰীয় দেশৰ পৰা ভাৰতীয়ক উদ্ধাৰ কৰিবৰ বাবে ভাৰতীয় বায়ু সেনাই অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: AP High Court : আদালতৰ ৰায় অনুসৰি অমৰাৱতী হ’ব অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.