ETV Bharat / city

Maligaon murder Case : অৱশেষত গ্ৰেপ্তাৰ হ'ল হত্যাকাৰী বিকি সাহানী

author img

By

Published : Nov 23, 2021, 10:17 AM IST

অৱশেষত 17 দিনৰ অন্তত মালিগাঁও হত্যাকাণ্ডৰ মূল অভিযুক্ত (accused of maligaon murder case) বিকি সাহানীক জালুকবাৰী আৰক্ষীয়ে কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে (Jalukbari Police arrested biki Sahani) ৷ 5 নৱেম্বৰৰ দিনা নিশা চকীদাৰ তৰুণ ডেকাৰ সৈতে কিবা কথাক লৈ বিকি সাহানীৰ তৰ্ক বিতৰ্কৰ সূত্ৰপাত হৈ তৰুণ ডেকাক হত্যা কৰে বিকি সাহানীয়ে ।

maligaon-murder-case
Maligaon murder Case : অৱশেষত গ্ৰেপ্তাৰ হ'ল হত্যাকাৰী বিকি সাহানী

গুৱাহাটী, 23 নৱেম্বৰ : অৱশেষত জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তৰুণ ডেকাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত(main accused of tarun deka murder case) বিকি সাহানীক । সোমবাৰে প্ৰায় 17 দিনৰ অন্তত চিচি টিভিৰ ফুটেজৰ ভিত্তিত অভিযান চলাই কোচবিহাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী বিকি সাহানীক(biki sahani arrested from cooch behar) ৷

উল্লেখ্য যে, 5 নৱেম্বৰৰ নিশা মালিগাঁও চাৰিআলিত প্ৰায় 11 মান বজাত বিকি সাহানীয়ে কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰিছিল তৰুণ ডেকাক(biki sahani killed tarun deka) । এই তৰুণ ডেকা নামৰ লোকজনে বিগত প্ৰায় 36 বছৰ ধৰি মালিগাঁৱৰ ভৰালী কম্পেলক্সত চকিদাৰ হিচাপে কৰ্মৰত আছিল । হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছদিনা অৰ্থাৎ 6 নৱেম্বৰৰ পুৱা ভৰালী কম্পেলক্সৰ ভূমি মহলাৰ কৰিডৰত তৰুণ ডেকাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ ইতিমধ্যে এই হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা চিচি কেমেৰাত বন্দী হৈছিল ।

জানিব পৰা মতে, মালিগাঁও চাৰিআলিৰ বিগত 8 মাহ ধৰি এখন ইলেক্ট্ৰিক ৰিপেয়াৰিং দোকান এখনত কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছিল বিকি সাহানী । 5 নৱেম্বৰৰ দিনা নিশা চকীদাৰ তৰুণ ডেকাৰ সৈতে কিবা কথাক লৈ বিকি সাহানীৰ তৰ্ক বিতৰ্কৰ সূত্ৰপাত হয় ৷ ইয়াৰ পৰিণতিতে কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই তৰুণ ডেকাক হত্যা কৰে বিকি সাহানীয়ে ।

ইয়াৰ পাচতে জালুকবাৰী আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ 302 ধাৰাৰ অধীনত 1299/21 নম্বৰত এটি গোচৰ ৰুজু কৰা হয় ৷ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখি কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে ধৃত সাহানীক । হত্যাকাৰী সাহানীক মঙলবাৰে আদালতত হাজিৰ কৰোৱা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ।

লগতে পঢ়ক : কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই দুৰ্বৃত্তই হত্যা কৰিলে তৰুণ ডেকাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.