গুৱাহাটী, ২২ জুনঃ ৰাজধানী চহৰ গুৱাহাটীত COVID-19 ৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ সাতটাকৈ ৱাৰ্ডত লক ডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে । সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক'ভিড পৰিস্থিতিৰ বুজ লবলৈ অনুষ্ঠিত কৰা এক পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
এই সাতটা ৱাৰ্ডৰ অন্তৰ্গত অঞ্চলসমূহ হৈছে জালুকবাৰী, পাণ্ডু, মালিগাঁও, মাছখোৱা, ফাচীবজাৰ, ফটাশিল আমবাৰী, ধীৰেনপাৰা আদি । মঙলবাৰে সন্ধিয়া ৬ বজাৰ পৰা ১৪ দিনৰ বাবে এই অঞ্চলসমূহত আৰম্ভ হ'ব লক ডাউন ।
লক ডাউনৰ সময়চোৱাত উক্ত অঞ্চলসমূহৰ সকলো প্ৰতিষ্ঠান, দোকান পোহাৰ বন্ধ থাকিব ।
উল্লেখ যোগ্য যে, অসমত বৰ্তমান অধিক হাৰত দৈনিক বৃদ্ধি পায় আছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বিশেষকৈ মহানগৰী গুৱাহাটীত দেখা গৈছে কেতবোৰ গণ সংক্ৰমণৰ লক্ষণ ৷ কোনো ভ্ৰমণ ইতিবৃত্ত নথকা লোক বা কৰ'ণা আক্ৰান্ত লোকৰ প্ৰত্যক্ষ বা পৰোক্ষ সংস্পৰ্শলৈ নহাকৈয়ো এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে বহু লোক ৷ ইপিনে মহানগৰীত দৈনিক বৃদ্ধি পাইছে কন্টেনমেন্ট জ'নৰ সংখ্যা ৷ সেয়ে এনেবোৰ পৰিস্থিতিৰ প্ৰতি লক্ষ ৰাখিয়েই অধিক সংক্ৰমিত হোৱা অঞ্চল সমূহত পূৰ্বৰ দৰে লক ডাউনৰ ব্যৱস্থা কৰিছে চৰকাৰে ৷
আবেলিৰ ভাগত স্বাস্থ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি গুৱাহাটী মহানগৰীৰ জালুকবাৰী থানাৰ অধীনত ৩১ জন, ফটাশিল আমবাৰী থানাৰ অধীনত ৬৯ জন, ভৰলুমুখ থানাৰ অধীনত ৫১ জন আৰু পাণবজাৰ থানাৰ অধীনত ২৫ জন পজিটিভ ৰোগী চিনাক্ত হৈছে । ইপিনে বৰ্তমানলৈ অসমত COVID-19 ত মুঠ আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হৈছে 5853 ৷
লগতে পঢ়কঃ কৰ'ণাত আক্ৰান্ত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়া