ETV Bharat / city

পদপথৰ বিশ্বকৰ্মাৰ মূৰ্তি বিসৰ্জনৰ পদক্ষেপ লায়ন্স ক্লাৱৰ

author img

By

Published : Sep 20, 2021, 11:52 AM IST

বিশ্বকৰ্মা পূজা শেষ হোৱাৰ পিছতেই একাংশই মহানগৰীৰ পদপথত নতুবা ৰাস্তাৰ কাষত থকা গছৰ তলত দৃষ্টিকটুভাৱে বিশ্বকৰ্মাৰ প্ৰতিমাসমূহ পেলাই থোৱা পৰিলক্ষিত হৈছে । সেয়ে মহানগৰীৰ ভিন্ন স্থানত তথা পদপথত যধে-মধে পেলাই থোৱা এই প্ৰতিমাসমূহ বিধিগত নিয়ম অনুযায়ী ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়াৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে ৰাজ্যৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন লায়ন্স ক্লাবে ।

Lions Club of guwahti initiative
পদপথৰ বিশ্বকৰ্মাৰ মূৰ্তি বিসৰ্জনৰ পদক্ষেপ লায়ন্স ক্লাৱৰ

গুৱাহাটী, 20 ছেপ্টেম্বৰ : ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ মাজতো এইবাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰবাসীয়ে উদযাপন কৰে বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা । কামৰূপ মহানগৰ জিলা প্ৰশাসনে জনোৱা মতে, এইবাৰ গুৱাহাটীৰ ভিন্ন প্ৰান্তত প্ৰায় পাঁচশৰো অধিক বিশ্বকৰ্মা পূজা উদযাপন কৰা হয় ।

উল্লেখ্য যে, ৰাজধানী গুৱাহাটীক পৰিষ্কাৰ-পৰিছন্ন কৰি দেশৰ ভিতৰতে এখন অন্যতম সৰ্বাংগীণ সুন্দৰ মহানগৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰ তথা পৌৰ নিগম কৰ্তৃপক্ষই সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ তাৰ বিপৰীতে চৰকাৰৰ এনে প্ৰচেষ্টা বৃথা বুলি যেন প্ৰমাণিত কৰিছে মহানগৰীৰ একাংশ লোকে ।

সাধাৰণতে পূজা শেষ হোৱাৰ পিছতেই একাংশ লোকে মহানগৰীৰ পদপথত নতুবা ৰাস্তাৰ কাষত থকা গছৰ তলত দৃষ্টিকটুভাৱে প্ৰতিমাসমূহ পেলাই থোৱা পৰিলক্ষিত হয় । সেয়ে মহানগৰীৰ ভিন্ন স্থানত তথা পদপথত যধে-মধে পেলাই থোৱা প্ৰতিমাসমূহ বিধিগত নিয়ম অনুযায়ী ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়াৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে ৰাজ্যৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন লায়ন্স ক্লাবে ।

গুৱাহাটী(ম)ক পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত লায়ন্স ক্লাবে বিশেষ গুৰুত্ব প্ৰদান কৰি বিগত বৰ্ষসমূহৰ দৰে এইবাৰো মহানগৰীৰ বিভিন্ন স্থানত তথা পদপথত পেলাই থোৱা প্ৰতিমাসমূহ ব্ৰহ্মপুত্ৰত বিসৰ্জনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে । ইয়াৰ অংশ হিচাপে দেওবাৰে মহানগৰীৰ ছয়মাইলস্থিত দীপশিখা ফাউণ্ডেচনৰ চৌহদৰ পৰা কেইবাখনো ট্ৰাকত গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা প্ৰতিমাসমূহ বিধিগত নীতি-নিয়ম অনুসৰি বিসৰ্জনৰ ব্যৱস্থা কৰা হয় । এই উপলক্ষে অয়োজিত এক অনুষ্ঠানত গুৱাহাটীৰ পৌৰ নিগমৰ আয়ুক্ত দেৱশীষ শৰ্মাই ফ্লেগ অফ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

লায়ন্স ক্লাবৰ এই পদক্ষেপক প্ৰশংসা কৰি পৌৰ আয়ুক্তগৰাকীয়ে গুৱাহাটীবাসীক মহানগৰীখন সুন্দৰ আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত সকলোকে সহায়-সহযোগিতা কৰিবলৈ আহ্বান জনায় । আয়ুক্তগৰাকীয়ে কয় যে, একাংশ লোকে পূজাৰ প্ৰতিমাসমূহ পূজা শেষ হোৱাৰ পিছত য’তে-ত’তে পেলাই প্ৰকৃততে ধৰ্মীয় আবেগ-অনুভূতিক অপমান কৰাহে পৰিলক্ষিত হৈছে ।

গতিকে এনেধৰণৰ ধৰ্মীয় অপমানসূচক কাৰ্যৰ পৰা সকলোৱে বিৰত থাকি মহানগৰীখনক সৰ্বাংগীণ সুন্দৰ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাক সহযোগ কৰিবলৈ গুৱাহাটীবাসীক আহ্বান জনায় । অনুষ্ঠানত লায়ন্স ক্লাবৰ গুৱাহাটীৰ সম্পাদক অজয় পোদ্দাৰ, ৰাজেশ ভাট, আনন্দ আয়াৰ, বিজয় শ্বাহকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক : ডিব্ৰুগড়ত e-SHRAM Card বিতৰণ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.