ETV Bharat / city

গুৱাহাটীত সপ্তমবাৰৰ বাবে সমকামী সকলৰ শোভাযাত্ৰা - Transgender Persons Act, 2019

দীঘলীপুখুৰীত সপ্তমবাৰৰ বাবে সমকামী সকলৰ বাৰেবৰণীয়া শোভাযাত্ৰা । শোভাযাত্ৰাত অংশগ্ৰহণ ভাৰতৰ বিভিন্ন স্থানৰ বহু সমকামী লোক সকলৰ পৰিয়ালৰ সদস্যৰ লগতে সমকামীক সমৰ্থন কৰা সহস্ৰাধিক জনতাৰ ৷

গুৱাহাটীত সপ্তমবাৰৰ বাবে সমকামী সকলৰ শোভাযাত্ৰা

author img

By

Published : Feb 10, 2020, 5:09 AM IST

Updated : Feb 10, 2020, 6:29 AM IST

গুৱাহাটী, 10 ফেব্ৰুৱাৰীঃ নিজৰ অস্তিত্বৰ সম্পৰ্কে সমাজ আৰু চৰকাৰক অৱগত কৰোৱাৰ বাবে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত দেওবাৰে বাহিৰ কৰা হয় সমকামী সকলৰ এক বাৰেবৰণীয়া শোভাযাত্ৰা । 2018 চনৰ 6 ছেপ্তেম্বৰত উচ্চতম ন্যায়ালয়ে সমকামীতাক বৈধ ঘোষণা কৰাৰ পিছতো সমাজৰ লগতে চৰকাৰৰ কোনো ধৰণৰ সঁহাৰি আৰু সমৰ্থন লাভ কৰা নাই এই সকল লোকে ৷ বৰ্তমানেও সমাজে সম-লিংগৰ দুগৰাকী ব্যক্তিৰ মাজত হোৱা বিবাহক বৈধ বুলি মানি নলয় ৷ লগতে সমকামী অভিভাৱক সকলেও সন্তান তুলি লোৱাৰ পৰা এতিয়াও বঞ্চিত । আনহাতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো স্কুল কলেজৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হোৱা নাই সমকামিতা বিষয়ে কোনো তথ্য ।

গুৱাহাটীত সমকামী সকলৰ শোভাযাত্ৰা
গুৱাহাটীত সমকামী সকলৰ শোভাযাত্ৰা

যাৰ বাবেই সমাজক সচেতন কৰিবৰ বাবে এওঁলোকৰ এই যাত্ৰা । সমাজত নিজৰ অস্তিত্বক লৈ গৌৰৱৰে জীয়াই থকা, অধিকাৰ বিচৰাৰ লগতে স্কুল-কলেজৰ পাঠ্যক্ৰমত সমকামিতা বিষয়ৰ পাঠ অন্তৰ্ভুক্ত কৰা, এওঁলোকৰ বাবে অসমত কল্যাণ মণ্ডল গঠন কৰা, আৰ্থিক আৰু সামাজিক কল্যাণ আঁচনি প্ৰস্তুত কৰা, সমকামী লোক সকলৰ বাবে পেঞ্চন আৰু বীমা আদিৰ সুবিধা প্ৰদান কৰাৰ দাবী জনায় চৰকাৰক ৷ লগতে Transgender Persons Act, 2019 ৰো সংশোধনৰ দাবী জনায় ৷

গুৱাহাটীত সপ্তমবাৰৰ বাবে সমকামী সকলৰ শোভাযাত্ৰা
গুৱাহাটীত সপ্তমবাৰৰ বাবে সমকামী সকলৰ শোভাযাত্ৰা

এই শোভাযাত্ৰাত দেখা পোৱা গৈছে ঘৰৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰা বহু যুৱক-যুৱতিক যিয়ে স-গৌৰৱৰে ওলাই আহিছে নিজৰ অধিকাৰ বিচাৰি । এই সমাজক এই চৰকাৰক সজাগ কৰিবলৈ লগতে নিজৰ অস্তিত্বক সমাজক দেখাবলৈ ওলাই আহিছে তেওঁলোক ৷ এইয়া হৈছে এওঁলোকৰ অস্তিত্বৰ ৰক্ষাৰ যুঁজ, স্বাধীন ভাৰতত থকা গণতান্ত্ৰিক অধিকাৰ দাবীৰ যুঁজ ।

অস্তিত্ব, গণতান্ত্ৰিক অধিকাৰ বিচাৰি সমকামী সকলৰ শোভাযাত্ৰা

এই সমাজ আৰু চৰকাৰে উপলুঙা কৰিলেও নিজৰ অস্তিত্বৰ বাবে ওলাই আহিছে এই সকল সচেতন যুৱক-যুৱতী । আধুনিকতাৰ যুগৰ গণতান্ত্ৰিক ভাৰতৰ এই সকল হৈছে সজাগ যুৱক-যুৱতী । সমাজে এওঁলোকক বিমুখ কৰি আহিছে যদিও নিজৰ অস্তিত্ব, অধিকাৰৰ বাবে চলাই গৈছে সংগ্ৰাম । এতিয়া প্ৰশ্ন, সমকামিতাৰ দৰে বিষয়বোৰত কিমান সজাগ আমাৰ সমাজ আৰু চৰকাৰ তথা প্ৰশাসন ।

Intro:সপ্তমবাৰৰ বাবে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত সমকামীলোক সকলৰ বাৰেবৰণীয়া শোভাযাত্ৰা। ভাৰতৰ বিভিন্ন স্থানৰ পৰা ওলাই আহিছে সমকামীলোক সকলৰ পৰিয়ালৰ সদস্যৰ লগতে সমকামী সকলক সমৰ্থনকৰা সহস্ৰাধিক জনতা । নিজৰ অস্তিত্বৰ সম্পৰ্কে সমাজক আৰু চৰকাৰক অৱগত কৰোৱাবৰ বাবে এই যাত্ৰা তেওঁলোকৰ। 2018 চনৰ 6 ছেপ্তেম্বৰত উচ্চতম ন্যায়ালয়ে সমকামীতাক বৈধ ঘোষণা কৰাৰ পিছতো সমাজত লগতে চৰকাৰৰ কোনো ধৰণৰ সঁহাৰি আৰু সমৰ্থন পোৱা নাই তেওঁলোকে। তেওঁলোকৰ খেদ যে বৰ্তমানেও সমাজে সমলিংগৰ দুগৰাকী ব্যক্তিৰ মাজত হোৱা বিবাহক বৈধ বুলি মানি নলয় লগতে সমকামী অভিভাৱক সকলে সন্তান তুলি লোৱাৰ পৰা এতিয়াও বঞ্চিত। আনহাতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো স্কুল কলেজৰ পাঠ্যক্ৰমত সমকামীতা বিষয়ক কোনো তথ্য অন্তৰ্ভুক্ত হোৱা নাই ।

Body:সমাজৰ সচেতন কৰিবৰ বাবে এই যাত্ৰা তেওঁলোকৰ। তেওঁলোকৰ বহু দাবী চৰকাৰৰ ওচৰত। সমাজত নিজৰ অস্তিত্বক লৈ গৌৰৱৰে জীয়াই থকাৰ অধিকাৰ বিচৰাৰ লগতে স্কুল কলেজৰ পাঠ্যক্ৰমত সমকামিতা বিষয়ৰ পাঠ অন্তৰ্ভুক্ত কৰোৱাৰ দাবী এই সকলক লোকৰ। লগতে তেওঁলোকৰ দাবী এই যে transgender persons act, 2019 খন সংশোধন কৰিব লাগে । লগতে এই লোকসকলৰ বাবে কল্যাণ মণ্ডল অসমত গঠন কৰা , আৰ্থিক আৰু সামাজিক কল্যাণ আঁচনি প্ৰস্তুত কৰা, সমকামী লোকসকলৰ বাবে পেঞ্চন আৰু বীমা আদিৰ সুবিধা প্ৰদান কৰাৰ দৰে দাবী সমূহ লৈ ওলাই এই সকল লোক।
Bite:- সজাগ মহিলা।
আনহাতে বহু এনে লোক আছে যাক ঘৰ খনে দিয়া সম্পূৰ্ণ সমৰ্থনত গৌৰৱৰে ওলাই আহিছে নিজৰ অধিকাৰ বিচাৰি। এই সমাজক এই চৰকাৰক সজাগ কৰিবলৈ লগতে নিজৰ অস্তিত্বক সমাজক দেখাবলৈ ওলাই আহিছে তেওঁলোক।
Bite:- সজাগ যুৱতী।

Conclusion:এয়া অস্তিত্বৰ ৰক্ষাৰ যুজঁ এয়া স্বাধীন ভাৰতত থকা গণতান্ত্ৰিক অধিকাৰৰ দাবীত কৰা যুজঁ। এই সমাজ আৰু চৰকাৰে উপলুঙা কৰিলেও নিজৰ অস্তিত্বৰ বাবে ওলাই আহিছে সচেতন এইসকল যুৱক যুৱতী। আধুনিকতাৰ যুগত গণতান্ত্ৰিক ভাৰতৰ এই সকলক সজাগ যুৱক যুৱতীৰ দল। সমাজৰ পৰা বিমুখ যদিও কৰি আহিছে নিজৰ অস্তিত্বৰ বাবে যুজঁ এনেদৰে এইসকল লোকে। এতিয়া প্ৰশ্ন হয় সমকামিতাৰ দৰে বিষয় বোৰত কিমান সজাগ সমাজ আৰু চৰকাৰ।
Last Updated : Feb 10, 2020, 6:29 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.