ETV Bharat / city

অস্থায়ী লেবৰেটৰি টেকনিছিয়ানৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন - অস্থায়ী লেবৰেটৰি টেকনিছিয়ান

মহানগৰী চচলস্থিত ধৰ্ণাস্থলীত অস্থায়ী লেবৰেটৰি টেকনিছিয়ানসকলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন ।

চচলত প্ৰতিবাদ পৰীক্ষাগাৰ সহায়কৰ
চচলত প্ৰতিবাদ পৰীক্ষাগাৰ সহায়কৰ
author img

By

Published : Dec 15, 2020, 3:41 PM IST

গুৱাহাটী, ১৫ ডিচেম্বৰ : স্থায়ী নিযুক্তিৰ দাবীৰে প্ৰতিবাদত নামিল ৰাজ্য়ৰ অস্থায়ী পৰীক্ষাগাৰ সহায়কসকল । স্বাস্থ্য বিভাগৰ অধীনত নিযুক্তি লাভ কৰা এইসকল অস্থায়ী কৰ্মীক নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও আজিলৈ তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া স্থায়ী নহ'ল । যাৰ বাবে মঙলবাৰে মহানগৰীৰ চচলস্থিত ধৰ্ণাস্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে এইসকল কৰ্মচাৰীয়ে ।

প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে আমাক ন্যায় দিয়ক, কোভিড যোদ্ধাক পেটৰ ভোকত নামাৰিব, আমাক সন্মান দিয়ক, লেবৰেটৰি টেকনিছিয়ানৰ সমস্যা দূৰ কৰক আদি শ্লোগানেৰে চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ক‘ৰণা মহামাৰীৰ আতংকৰ সময়ত নিজৰ জীৱনৰ কথা চিন্তা নকৰি ৰাইজৰ সেৱাৰ স্বাৰ্থত আৰু স্বাস্থ্য মন্ত্ৰীৰ আহ্বানত একাংশ লেবৰেটৰি টেকনিছিয়ানে চিকিৎসা সেৱাত সহায় আগবঢ়াইছিল । কিন্তু সম্প্ৰতি তেওঁলোক স্থায়ী কৰ্মসংস্থাপনৰ অভাৱত ভূগিছে ।

উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই তেওঁলোকক স্থায়ী নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতিৰ কথা দিছিল কিন্তু সেই প্ৰতিশ্ৰুতি আজিলৈ কাৰ্যত ৰূপায়ন কৰা নহ'ল । গতিকে আগন্তক দিনত এইসকল উচ্চ শিক্ষিত নিবনুৱাৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক স্থায়ী কৰ্মসংস্থাপন দিয়াৰ আহ্বান জনায় স্বাস্থ্য মন্ত্ৰীগৰাকীক ।

লগতে পঢ়কঃ বিদ্যালয়ৰ সাজতে আঘোনৰ পথাৰত এজাক দাৱনিৰ ৰূপত মাজুলীৰ শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.