ETV Bharat / city

মুকলি আকাশৰ তলত মানস কোঁৱৰ

author img

By

Published : Jul 14, 2020, 4:46 PM IST

Updated : Jul 14, 2020, 4:54 PM IST

অৱশেষত কাৰাগাৰৰ পৰা মুকলি হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্যতম নেতা মানস কোঁৱৰ ৷ সোমবাৰেই জামিন লাভ কৰিলে তেওঁ ৷

কা বিৰোধী আন্দোলন অব্যাহত ৰাখিব বুলি মন্তব্য মানস কোঁৱৰৰ
মুকলি আকাশৰ তলত মানস কোঁৱৰ

গুৱাহাটী, 14 জুলাই : অৱশেষত মুকলি আকাশৰ তললৈ আহিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা মানস কোঁৱৰ ৷ সংবিধান সংশোধনী বিধেয়কৰ (CAA) বিৰুদ্ধে আন্দোলনৰ সময়ত হিংসাত্মক কাৰ্যকলাপৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল মানস কোঁৱৰ ৷

মুকলি আকাশৰ তলত মানস কোঁৱৰ

সেই সময়ৰ পৰাই গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল মানস ৷ সোমবাৰে নিয়াৰ আদালতে জামিন প্ৰদান কৰিছিল মানসক ৷ কিন্ত কেন্দ্ৰীয় কাৰাগাৰ কন্টেইনমেন্ট জ'ন হোৱাৰ বাবে মুকলি কৰি দিয়া হোৱা নাছিল মানসক ৷ ইয়াৰ পাছতে সৰ্বত্ৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল ৷

মুকলি আকাশৰ তলত মানস কোঁৱৰ

দেশত বৰ্তমান ফেঁচীবাদ চলি আছে বুলি বিস্ফোৰক মন্তব্য কৰে কাৰাগাৰৰ পৰা সদ্য মুক্তিপ্ৰাপ্ত মানস কোঁৱৰে ৷ লগতে কা বিৰোধী আন্দোলন আগুৱাই নিব বুলি কয় নেতাজনে ৷

মুকলি আকাশৰ তলত মানস কোঁৱৰ

মুকলি হৈয়ে কাৰাগাৰৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কত বিস্ফোৰক মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে ৷ তেওঁ কয় যে, কাৰাগাৰৰ পৰিৱেশ অতি নিম্ন মানদণ্ডৰ ৷ কাৰাগাৰৰ প্ৰায় 80 শতাংশ কাৰাবন্দীয়ে জ্বৰ, কাঁহ, গাৰ বিষৰ দৰে ৰোগত আক্ৰান্ত হৈছে যদিও কাৰাগাৰ কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ মঙলবাৰ পৰ্যন্ত কেৱল 200 জন কাৰাবন্দীহে ক'ভিড পৰীক্ষণ চলোৱা হৈছে বুলিও মন্তব্য কৰে মানস কোঁৱৰে ৷ এই 200 জনৰে 120 জন বৰ্তমানলৈকে আক্ৰান্ত হৈছে ক'ভিডত ৷ কাৰাগাৰৰ খাদ্য তথা পানীৰ ব্যৱস্থা অতি নিম্ন মানৰ বুলি ক্ষোভ উজাৰে কোঁৱৰে ৷

হেপাটাইটিছ বি, জণ্ডিছৰ দৰে ৰোগত বহু কাৰাবন্দী আক্ৰান্ত হৈছে যদিও বৰ্তমানলৈকে চিকিৎসা প্ৰদান কৰা নাই বুলি মন্তব্য কৰে মানস কোঁৱৰে ৷

লগতে পঢ়ক : জামিন লাভৰ পিছতো কাৰাগাৰত বন্দী মানস কোঁৱৰ

Last Updated : Jul 14, 2020, 4:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.