ETV Bharat / city

কামৰূপক ড্ৰাগছ মুক্ত কৰাৰ অংগীকাৰ কামৰূপ আৰক্ষীৰ

কামৰূপক ড্ৰাগছ মুক্ত কৰাৰ অংগীকাৰ কামৰূপ আৰক্ষীৰ ৷ কামৰূপ জিলাক ড্ৰাগছ মুক্ত কৰাৰ অংগীকাৰ কামৰূপ আৰক্ষীৰ ৷ বকো আৰু ছয়গাঁৱত ৪ জন ড্ৰাগছ ব্যৱসায়ীসহ বহু সংখ্যক ড্ৰাগছ জব্দ ড্ৰাগছ ব্যৱসায়ীৰ লগত কোনো আৰক্ষী জড়িত থাকিলে ৰেহাই দিয়া নহয় বুলি ঘোষণা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ ৷

কামৰূপক ড্ৰাগছ মুক্ত কৰাৰ অংগীকাৰ কামৰূপ আৰক্ষীৰ
কামৰূপক ড্ৰাগছ মুক্ত কৰাৰ অংগীকাৰ কামৰূপ আৰক্ষীৰ
author img

By

Published : May 25, 2021, 10:04 PM IST

কামৰূপ, ২৫ মে’ : কামৰূপ জিলাক ড্ৰাগছ মুক্ত কৰাৰ অংগীকাৰ লৈছে কামৰূপ আৰক্ষীয়ে ৷ ইতিমধ্যে কামৰূপ আৰক্ষীৰ এটি টীম ৱৰ্ক হিচাপে কাম কৰি আজিলৈকে বহু সংখ্যক ড্ৰাগছ জব্দ কৰাৰ লগতে কেইবাজনো লোকক আটক কৰিছে ৷ মঙলবাৰে ছয়গাঁও আৰক্ষী থানাত কামৰূপ আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়ে আহ্বান কৰা এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি কয় যে কামৰূপৰ প্ৰতিখন আৰক্ষী থানাই এতিয়া ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷

আনহাতে, সোমবাৰে বকো আৰক্ষীয়ে বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ৷ মঙলবাৰে বিয়লি ছয়গাঁও আাৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত জোৰ শিমলু অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ৷ এই দুদিনত বকো আৰু ছয়গাঁৱত প্ৰায় ৪০০ গ্ৰাম ড্ৰাগছ জব্দ কৰা হয় বুলি জানিবলৈ দিয়ে ।

এই ড্ৰাগছ ব্যৱসায়ী আটক কৰাৰ ক্ষেত্ৰত সাংবাদিক আৰু ৰাইজক কৃতিত্ব দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে । ভৱিষ্যতেও ড্ৰাগছ মুক্ত কৰাৰ ক্ষেত্ৰত তেওঁ সাংবাদিকৰ সহযোগ বিচাৰে । ভৱিষ্যত প্ৰজন্মক মষিমূৰ কৰিব পৰা এই ড্ৰাগছ নোহোৱা কৰিবই লাগিব বুলি তেওঁ কয় । এই ড্ৰাগছ ব্যৱসায়ৰ ক্ষেত্ৰত যদি কোনো আৰক্ষীৰ লোকো জড়িত হৈ আছে সেই ব্যক্তিক ৰেহাই নিদিয়ে বুলিও তেওঁ কয় ।

ড্ৰাগছৰ ঘাটি উৎখাট কৰাত ক্ষেত্ৰত সজাগতা আৰু সচেতনা বৃদ্ধি কৰাৰ বাবে তেওঁ সকলোকে আহ্বান জনায় । সংবাদমেলত আৰক্ষী অধীক্ষক গৰাকীৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক আশিক আহমেদ আৰু উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ লগতে ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠক আৰু বকো থানাৰ ভাৰপ্তাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয় উপস্থিত থাকে ৷

লগতে পঢ়ক : ক’ভিড পৰিস্থিতিৰ বুজ ল'বলৈ ছাগলীয়াত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.