ETV Bharat / city

পুঠিমাৰী নৈৰ বালি খননকাৰ্য পৰিদৰ্শন কমলপুৰৰ বিধায়কৰ

পুঠিমাৰি নৈৰ বালি খননকাৰ্য পৰিদৰ্শন কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ ৷ বন বিভাগ আৰু জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগতে কমলপুৰ ৰাজহ চক্ৰ বিষয়া গৰাকীক লগত লৈ পৰদৰ্শন বিধায়ক গৰাকীৰ ৷

author img

By

Published : May 14, 2021, 5:32 PM IST

পুঠিমাৰী নৈৰ বালি খনন কাৰ্য পৰিদৰ্শন কমলপুৰৰ বিধায়কৰ

বাইহাটা, 14 মে' : কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ অভিনৱ পদক্ষেপ । বুধবাৰে পুঠিমাৰি নৈৰ বালি মাটিৰ খননকাৰ্য বিধায়ক গৰাকীয়ে নিজে পৰিদৰ্শন কৰে ৷ বালি মাটি কটাৰ ক্ষেত্ৰত বৈধ নথি পত্ৰ আছে যদিও হিচাপতকৈ অধিক মাটি কাটি নিয়াৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে । ইয়াৰোপৰি যিবিলাক বাহন বালি কঢ়িওৱাৰ বাবে ব্যৱহাৰ কৰে সেইবোৰৰ সৰহ ভাগৰে নথি-পত্ৰ নথকা বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে ।

নদীৰ বালি মাটি কঢ়িওৱা ডাম্পাৰ, ট্ৰেক্টৰসমূহ মঠাউৰিৰ ওপৰেৰে চলোৱাৰ ফলত মঠাউৰিটো নষ্ট হোৱা বুলি উল্লেখ কৰে বিধায়ক দিগন্ত কলিতাই । সেয়ে বন বিভাগ আৰু জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগতে কমলপুৰ ৰাজহ চক্ৰ বিষয়া গৰাকীক লগত লৈ নিজে খননকাৰ্য পৰদৰ্শন কৰে বিধায়ক গৰাকীয়ে আৰু তাৎক্ষনিকভাৱে নৈৰ বালি, মাটি কটাতো বন্ধ কৰি দিয়ে ।

ইয়াৰ উপৰিও বিধায়কগৰাকীয়ে কমলপুৰ সমষ্টিৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ অথবা মূখ্যপথ সমূহৰ দাতিত গাড়ীৰ খুন্দাত নিহত হোৱা জীৱ-জন্তুৰ বাবে শ্মশান নিৰ্মাণ কৰা হ’ব বুলিও জনায় । লগতে এই মৰা জীৱ জন্তুবোৰ শ্মশানত পেলোৱাৰ দায়িত্ব এটা বে-চৰকাৰী প্ৰতিষ্ঠানক অৰ্পন কৰাৰ কথা উল্লেখ কৰে বিধায়ক দিগন্ত কলিতাই ।

লগতে পঢ়ক : ক’ভিডৰ বিৰুদ্ধে যুঁজি থকা ৰণখনত সমন্বয়ৰ প্ৰয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.