গুৱাহাটী, 8 ডিচেম্বৰ : কৃষি আইনৰ বিৰোধিতাৰে মঙলবাৰে ঘোষণা কৰা হৈছিল ভাৰত বন্ধ ৷ অসমৰ বহু কৃষক সংগঠনৰ লগতে অন্য সংগঠনেও ভাৰত বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন দিয়ে ৷ মহানগৰীৰ কাহিলীপাৰা দক্ষিণ গাঁও তিনিআলিৰ টি এ বি মেমৰিয়েল জাতীয় বিদ্যালয়ৰ সন্মুখত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে একাংশ প্ৰতিবাদকাৰীয়ে ৷ সেই সময়তে দিচপুৰ আৰক্ষী প্ৰতিবাদস্থলীত উপস্থিত হৈ ছজনকৈ প্ৰতিবাদকাৰীক আটক কৰে ৷ প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলা লগতে কৃষি আইনৰ বিৰোধীতা কৰে আৰু অতি শীঘ্ৰে কৃষক সকলৰ দাবী মানি লবলৈ দাবী জনায় ৷
ইফালে বে-আইনী ভাৱে প্ৰতিবাদ সাব্যস্ত কৰি পথ অৱৰোধ কৰা বাবে অভিযোগত উৰ্দ্ধতম কৰ্তৃপক্ষৰ লগত কথা পাতি আটক কৰা প্ৰতিবাদকাৰী সকলক দিছপুৰ থানালৈ লৈ যোৱা হয় ৷
লগতে পঢ়ক: নগাঁৱৰ ভিন্ন স্থানত ভাৰত বন্ধৰ সমৰ্থনত ওলাই আহিল কৃষক সমাজ