গুৱাহাটী, ৩১ ডিচেম্বৰ : বছৰৰ অন্তিম দিনটোত গুৱাহাটীত পৰিবহন বিভাগৰ উদ্যোগত পথ সুৰক্ষা সভা অনুস্থিত কৰাৰ লগতে বাহিৰ কৰা হয় সজাগতামূলক ৰেলী (Road safety awareness rally in Guwahati) । প্ৰায় ১০০ খনতকৈ অধিক চাৰিচকীয়া বাহনৰ আৰু মটৰ চাইকেলে অংশগ্ৰহণ কৰে এই ৰেলীত । গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ পৰা জি এছ ৰোড হৈ জু-ৰোডৰে পৰিবহন বিভাগৰ কাৰ্যালয়লৈ যায় এই ৰেলী ।
৩১ ডিচেম্বৰত দুৰ্ঘটনামুক্ত অসম গঢ়াৰ শ্ল’গানেৰে উলিওৱা হয় এই পথ সুৰক্ষা সজাগতামূলক ৰেলী । মুখ্যমন্ত্ৰীৰ আহ্বানত নৱবৰ্ষৰ প্ৰাকমূহুৰ্তত এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ পৰিকল্পনাৰে পৰিবহন বিভাগৰ উদ্যোগত আৰম্ভ কৰে এই যাত্ৰা । বিশেষকৈ মদ্যপান কৰি গাড়ী নকৰাৰ লগতে শীতকালত কুঁৱলীয়ে ঢকা সময়ত অপ্ৰয়োজনত গাড়ী নচলাবলৈ আহ্বান জনায় পৰিবহন বিভাগে ।
অনুষ্ঠানত পৰিবহণ বিষয়া গৌতম দাসে কয় যে, 31 ডিচেম্বৰত পৰিবহণ বিভাগ, আৰক্ষী আৰু আবকাৰী বিভাগে মহানগৰীৰ অলিয়ে-গলিয়ে চলাব অভিযান । নিশা সুৰাপান কৰি গাড়ী চলালে ১০ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগতে ৬ মাহ পৰ্যন্ত কাৰাবাস হ'ব পাৰে বুলি মন্তব্য কৰে (Guideline for 31st celebration in Guwahati)।
আনহাতে, অনুষ্ঠানত উপস্থিত থাকি সংবাদমাধ্যমৰ আগত সুৰাপায়ীক সাৱধানবাণী শুনায় মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই (Joint commissioner of Police)। আজি সুৰাপান কৰি গাড়ী চলালে হ'ব লাগিব DJ Lockup ৰ আলহী । ভৰিব লাগিব জৰিমনা । ৩১ ডিচেম্বৰৰ গোটেই ৰাতি DJ Lockup ত আৰক্ষীৰ আতিথ্য গ্ৰহণ কৰিব লাগিব সুৰাপায়ী চালকে । আইন অমান্য কৰি কোনো সাৰি যাব নোৱাৰিব বুলি মন্তব্য কৰে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই ।
মহানগৰীৰ এই সজাগতামূলক যাত্ৰাত অংশগ্ৰহণ কৰে সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাস, বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা, যুটীয়া আৰক্ষী আয়ুক্ত পার্থ সাৰথি মহন্তৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ।
লগতে পঢ়ক: 31st Night Celebration: নৱবৰ্ষক আদৰোতে সাৱধান হওক