ETV Bharat / city

কণ্ঠশিল্পী জীনা ৰাজকুমাৰীৰ গ্ৰন্থ আৰু গীত উন্মোচন - উন্মোচন

কণ্ঠশিল্পী জীনা ৰাজকুমাৰীয়ে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এখন অনুষ্ঠানত “চক্ৰবেহু” আৰু “প্ৰতিবিম্ব” নামৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ “চক্ৰবেহু” গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমী বঁটা বিজয়ী বিপুল দেউৰী আৰু “প্ৰতিবিম্ব” গ্ৰন্থখনি উন্মোচন কৰে অসম সাহিত্য সবাৰ প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে ৷

Jina Rajkumari Book release
কণ্ঠশিল্পী জীনা ৰাজকুমাৰীৰ গ্ৰন্থ আৰু গীত উন্মোচন
author img

By

Published : Nov 17, 2020, 9:18 PM IST

গুৱাহাটী, ১৭ নৱেম্বৰ: ব্যতিক্ৰমী তথা নিজস্ব গায়ন শৈলীৰে হাজাৰ হাজাৰ শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰা জনপ্ৰিয় কণ্ঠশিল্পী জীনা ৰাজকুমাৰীয়ে এইবাৰ এগৰাকী গ্ৰন্থ ৰচক হিচাপে পৰিচিত হৈছে । মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁৰ দ্বাৰা ৰচিত “চক্ৰবেহু” আৰু “প্ৰতিবিম্ব” নামৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয় ।

কণ্ঠশিল্পী জীনা ৰাজকুমাৰীৰ গ্ৰন্থ আৰু গীত উন্মোচন

অনুষ্ঠানখনত ৰাজকুমাৰীয়ে মনৰ ভাৱ প্ৰকাশ কৰি কয় যে, কৰ'ণা মহামাৰীকালীন তলাবন্ধৰ কঠিন সময়চোৱাত নিজকে কিছু সৃষ্টি কৰ্মত নিয়োজিত কৰাৰ ফলতেই এই গ্ৰন্থ দুখন লিখি উলিয়াবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে । এগৰাকী কৰ্কত ৰোগী হিচাপে নিজস্ব অভিজ্ঞতাৰে জুমুঠিত কল্পনাৰ বোল সানি ৰোগবিধৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবে “চক্ৰবেহু” নামৰ উপন্যাসখন ৰচনা কৰে ৷ তেওঁৰ জীৱনৰ বহু অভিজ্ঞতাসমূহৰ প্ৰতিফলন ঘটা আৰু বাতৰি কাকতত প্ৰকাশিত বিভিন্ন প্ৰবন্ধৰে “প্ৰতিবিম্ব”নামৰ আনখন প্ৰৱন্ধও যুগুতোৱা হৈছে বুলি তেওঁ মন্তব্য কৰে । “চক্ৰবেহু” গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমী বঁটা বিজয়ী বিপুল দেউৰী আৰু “প্ৰতিবিম্ব” গ্ৰন্থখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে ৷

ইপিনে,উক্ত অনুষ্ঠানখনত সাংবাদিক গৌতম শৰ্মাই ৰচনা আৰু মনোজ শৰ্মাই সুৰেৰে সজোৱা জীনা ৰাজকুমাৰীৰ “সন্ধ্যাতৰা” শীৰ্ষক এটি ভিডিঅ’ গীতো মুক্তি দিয়া হয় । গীতটি মুকলি কৰে জ্যেষ্ঠ শিল্পী সুদক্ষিণা শৰ্মাই । অনুষ্ঠানখনত নৃত্যাচাৰ্য যতীন গোস্বামী,ডাঃ অঞ্জনজ্যোতি চৌধুৰী,ৰুবী কটকী,ময়ুৰী দত্ত,তৃষ্ণা দেৱী, হিয়া মেধি,গোপাল জালানকে ধৰি কেবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

অন্য এক খবৰৰ বাবে: দালাই লামাক ভাৰত ৰত্ন দিয়াৰ দাবী তিব্বত মুক্তি আন্দোলনৰ নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.