ETV Bharat / city

কেনে আছে অসমৰ চৰকাৰী বিদ্যালয়: ক’লে অজিত কুমাৰ ভূঞাই

author img

By

Published : Sep 21, 2022, 10:07 PM IST

আগন্তুক 28 ছেপ্টেম্বৰত জাতীয় দল-অসমে গুৱাহাটী ক্লাবৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিব । বুধবাৰে জাতীয় দল অসমৰ সভাপতি অজিত কুমাৰ ভূঞাই এই কথা সদৰি কৰে (Jatiya Dal Assam press meet) ৷

Jatiya Dal Assam press meet on Education system of Assam
কেনে আছে অসমৰ চৰকাৰী বিদ্যালয় ? ক’লে অজিত কুমাৰ ভূঞাই

গুৱাহাটী, 21 ছেপ্টেম্বৰ: আগন্তুক 28 ছেপ্টেম্বৰত জাতীয় দল-অসমে গুৱাহাটী ক্লাবৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিব । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেলত জাতীয় দল অসমৰ সভাপতি অজিত কুমাৰ ভূঞাই এই কথা সদৰি কৰে (Jatiya Dal Assam press meet) ৷

সংবাদমেলত তেওঁ কয় যে অসমৰ ৰাজহুৱা শিক্ষাখণ্ডক ধ্বংস কৰিবলৈ চলোৱা চক্ৰান্তৰ বিৰুদ্ধে ৰাজ্যৰ ৯ টা বিৰোধী ৰাজনৈতিক দলে গুৱাহাটীৰ ৮ খন ঐতিহ্যমণ্ডিত মাতৃভাষা মাধ্যমৰ বিদ্যালয় পৰিদৰ্শন কৰি বিজেপি চৰকাৰৰ হঠকাৰিতাৰ ছবিখন দাঙি ধৰিছে ।

কংগ্ৰেছ, চি পি আই (এম), চি পি আই, চি পি আই (এম এল), জাতীয় দল অসম, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, এন চি পি, আৰ জে ডিয়ে ৰাজ্যৰ হৃৎপিণ্ড গুৱাহাটী মহানগৰীৰ ঐতিহ্যমণ্ডিত চৰকাৰী স্কুলসমূহ পৰিদৰ্শন কৰি স্তম্ভিত হৈ পৰে ।

ঐতিহ্য বিজড়িত এই স্কুলসমূহৰ প্ৰায়বোৰৰে চৌপাশ কদর্য পিটনি, বন-জংঘলেৰে পৰিপূৰ্ণ । উল্লেখ্য যে, বিৰোধী দলসমূহৰ প্ৰতিনিধি দলে তিনিদিনীয়া কাৰ্যসূচীৰে বিগত ৫ ছেপ্টেম্বৰ, ৯ ছেপ্টেম্বৰ আৰু ১২ ছেপ্টেম্বৰত গুৱাহাটীৰ ঐতিহ্যমণ্ডিত স্কুলসমূহৰ মাজৰ মুঠ ৮ খন স্কুল পৰিদৰ্শন কৰি চৰকাৰী খণ্ডৰ স্কুলসমূহৰ সমস্যা, আন্তঃগাঁথনিমূলক অভাৱ-অভিযোগৰ ক্ষেত্ৰভিত্তিক তথ্য সংগ্ৰহৰ চেষ্টা কৰিছিল আৰু অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন সময়ত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ পঁয়ালগা অৱস্থাটোৰ বাবে শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষার্থী আৰু অভিভাৱকসকলক মূলতঃ জগৰীয়া কৰি অহা কথাৰ সত্যাসত্য জানিবলৈ প্ৰয়াস কৰিছিল (Education system of Assam) ।

তিনিদিনীয়া এই পৰিদৰ্শন কালত সামৰি লোৱা কেৱল গুৱাহাটী মহানগৰীৰ মাত্ৰ ৮ খন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিদৰ্শনৰ পৰা পোৱা তথ্য মতে মূলতঃ চৰকাৰী সদিচ্ছা আৰু পুঁজিৰ অভাৱৰ বাবেই এই বিদ্যালয়সমূহৰ অৱস্থাই অবর্ণনীয় ৰূপলৈ পর্যবসিত হৈছে বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে ৷ প্ৰায় কেইখন বিদ্যালয়ৰ চৌহদত জমা হৈ থকা লেতেৰা পানীয়ে মহকে ধৰি নানান বীজাণু বিয়পোৱাৰ মাধ্যম হিচাপে পৰিগণিত হৈছে ।

পুঁজিৰ অভাৱত নিয়মীয়াকৈ চাফ-চিকুণ কৰিব নোৱৰাৰ বাবে গঢ় লৈ উঠা হাবি-জংঘল সাপৰ বসতিস্থল হৈ পৰিছে আৰু তেনে এক ভয়ানক পৰিৱেশৰ মাজত শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষাদান বা শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে ।

প্ৰতিখন বিদ্যালয়তে বছৰ-বছৰ ধৰি একাধিক শিক্ষক-শিক্ষয়িত্ৰী আৰু তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ খালী হৈ পৰি আছে । সেইবোৰ পূৰণ কৰিবলৈ শিক্ষা বিভাগ অথবা চৰকাৰী কোনো তৎপৰতা নাই । সৰহসংখ্যক বিদ্যালয় ভাৰপ্ৰাপ্ত অধ্যক্ষ/প্ৰধান শিক্ষকেৰে চলি আছে বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে (Ajit Kumar Bhuyan criticize BJP) ৷

ইফালে একো একোখন চৰকাৰী বিদ্যালয়ক পৰিচালনাৰ নামত (মেইটেইনেঞ্চ) ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুপাতে চৰকাৰে বছৰি কেৱল ৫০,০০০ বা ৭৫,০০০ অথবা ১,০০,০০০ টকাকৈ চৰকাৰে পুঁজি আৱণ্টন দিয়ে । অৱশ্যে বেছিভাগ শিক্ষানুষ্ঠানেই কেৱল ৭৫,০০০ কৈ টকা বছৰি চৰকাৰৰ ঘৰৰ পৰা পায় । অর্থাৎ মাহে ৬,২৫০ টকাকৈ লাভ কৰে । লগতে তেওঁ "স্কুলসমুহৰ প্ৰতিবেদন দেখিলেই গম পোৱা যায় যে কিদৰে চৰকাৰে পৰিকল্পিতভাৱে চৰকাৰী স্কুলসমুহ বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলিও মন্তব্য কৰে" ৷

২০২০ চনৰ প্ৰকাশিত এক তথ্য সদৰি কৰি অজিত কুমাৰ ভূঞাই কয়, "অসমৰ ৩৬, ৩৬২ খন প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত ২৭, ৯০৭ খনতেই বিদ্যুৎ সংযোগ নাই । ৫,৭৩১ খন উচ্চপ্ৰাথমিক বিদ্যালয়ৰ ২, ৪৬২ খনতে নাই বিদ্যুৎ সংযোগ । ৪,৩১১ খন উচ্চ-মাধ্যমিক বিদ্যালয়ৰ ১৫২ খনত নাই বিদ্যুৎ সংযোগ ।

2021 চনৰ ১৯ জুনত ১৩, ১২০ খন প্ৰাথমিক বিদ্যালয়ত নতুনকৈ বিদ্যুৎ সংযোগ দিয়া হ’ব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল । কিন্তু বাকী হেজাৰ হেজাৰ বিদ্যালয়ৰ বিদ্যুৎ সংযোগ কেতিয়াকৈ হ’বগৈ সম্ভৱতঃ ভগৱানেও নাজানে ! ২০২১ চনৰ ১৫ জুলাইত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিধানসভাত দিয়া তথ্য অনুসৰি অসমৰ শিক্ষা বিভাগত সৰ্বোচ্চ ৫০, ৪৬৫ টা পদ খালী পৰি আছে । শিক্ষাখণ্ডক ধ্বংসৰ মাজলৈ ঠেলি নিয়া ষড়যন্ত্ৰৰ আন এক প্ৰমাণ !

তথ্য মতে অসমৰ মুঠ ৩১ খন চৰকাৰী উচ্চ-মাধ্যমিক বিদ্যালয়ৰ কেৱল নগাঁৱৰ এখন বিদ্যালয়ত স্থায়ী অধ্যক্ষ আছে, বাকী ৩০ খনতে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক/অধ্যক্ষ । এয়াই দীর্ঘকালীন শিক্ষামন্ত্ৰী আৰু আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা, পাৰদৰ্শিতাৰ ‘উৎকৃষ্ট’ নমুনা " বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে ৷

সংবাদমেলখনত কংগ্ৰেছৰ নেতা মনজিৎ মহন্ত, চি পি আই এমৰ নেতা ইছফাকুৰ ৰহমান, চি পি আইৰ নেতা মুনীন মহন্ত, চি পি আই এম এলৰ নেতা পংকজ দাস আৰু জাতীয় দল অসমৰ সাধাৰণ সম্পাদক প্ৰনৱ জ্যোতি চেতিয়া আদি উপস্থিত আছিল ।

লগতে পঢ়ক: উপ ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মহানগৰীত যান-বাহন চলাচলত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.