গুৱাহাটী, 23 নৱেম্বৰ : শনিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰে দেবেন্দ্ৰ ফাড়নাভিছে ৷ বিজেপি আৰু এন চি পিৰ মিত্ৰজোঁটে মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰে ৷ ৰাজনীতিৰ এই নতুন সমীকৰণক লৈ দেশৰ অন্যান্য ৰাজনৈতিক দলসমূহ আচৰিত হোৱাৰ সময়তে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷
গগৈয়ে কয় যে,ভাৰতবৰ্ষৰ ৰাজনীতিত এয়া এক নজিৰবিহীন ঘটনা। এন চি পি আৰু বিজেপিৰ অতীতৰ পৰাই গোপন মিতিৰালি আছিল। শাৰদ পাৱাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূৰ্বৰ গোপন বুজাবুজিৰ ফলতে মহাৰাষ্ট্ৰত এই ৰাজনৈতিক সমীকৰণ দেখা পোৱা গ'ল।
আৰু পঢ়ক : এজন কয়দীৰ এখন আত্মহত্যাৰ নাটক