ETV Bharat / city

Violet Baruah IPS : প্ৰথম অসমীয়া মহিলা আৰক্ষী মহাপৰিদৰ্শকৰ পদত ভায়’লেট বৰুৱা - Violet Baruah promoted as first women IGP

গৃহ বিভাগে অসম আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াক মহাপৰিদৰ্শক পদলৈ পদোন্নতি দিছে ৷ তেওঁলোকৰ ভিতৰত অন্যতম হৈছে ভায়’লেট বৰুৱা(IPS Violet Baruah) ৷

Assam's first woman IGP
প্ৰথম অসমীয়া মহিলা মহাপৰিদৰ্শক পদত ভায়োলেট বৰুৱা
author img

By

Published : Dec 27, 2021, 8:04 PM IST

গুৱাহাটী, ২৭ ডিচেম্বৰ : বছৰটোৱে বিদায় ল’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত সোমবাৰে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে অসম আৰক্ষীৰ ৯ গৰাকী উপ মহাপৰিদৰ্শক (DIG)ক মহাপৰিদৰ্শক (IGP) পদলৈ উন্নীত কৰিছে । মহাপৰিদৰ্শক হিচাপে পদোন্নতি লাভ কৰা এই ৯ গৰাকী শীৰ্ষ আৰক্ষী বিষয়া হ'ল ক্ৰমে আনন্দ প্ৰকাশ তিৱাৰী, নিতুল গগৈ, দেৱৰাজ উপাধ্যায়, ভায়’লেট বৰুৱা, দিগন্ত বৰা, লাচিত বৰুৱা, মৃদুলানন্দ শৰ্মা, দিলীপ কুমাৰ দে' আৰু প্ৰশান্ত কুমাৰ ভূঞা ।

Assam's first woman IGP
প্ৰথম অসমীয়া মহিলা মহাপৰিদৰ্শক পদত ভায়োলেট বৰুৱা

আনন্দ প্ৰকাশ তিৱাৰীয়ে সম্প্ৰতি ডেপুটেশ্বনত উত্তৰ প্ৰদেশত কৰ্তব্যৰত হৈ আছে । আনহাতে আন এগৰাকী আই পি এছ বিষয়া দিগন্ত বৰাই সম্প্ৰতি কাৰ্যনিৰ্বাহ কৰি আছে অসম চৰকাৰৰ গৃহ সচিব হিচাপে (Home secretary of Assam)। গুৰুত্বপূৰ্ণ বিষয়টো হ'ল আজি পদোন্নতি লাভ কৰা ভায়’লেট বৰুৱা(Violet Baruah promoted as IGP) হ'ল মহাপৰিদৰ্শকৰ আসনত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা আই পি এছ বিষয়া(Assam's first woman IGP) । ইয়াৰ পূৰ্বে কোনো অসমীয়া মহিলা মহাপৰিদৰ্শক পদত অধিষ্ঠিত হোৱা নাছিল ।

অসম-মেঘালয় কেডাৰৰ এগৰাকী আই পি এছ বিষয়া ভায়’লেট বৰুৱাই অসম আৰক্ষী বিভাগৰ হৈ কাম কৰি আহিছে । সম্প্ৰতি বি টি আৰৰ উপ মহাপৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছিল ভায়’লেট বৰুৱা ৷ ২০২১ চনত গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত ভায়’লেট বৰুৱাক তেওঁৰ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকেৰে সন্মানিত কৰা হৈছিল ।

  • Promoted to the rank of IGP. Feeling blessed to be the first lady IGP in the state of Assam. 🙏

    — Violet Baruah IPS (@violet_baruah) December 27, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ভায়’লেট বৰুৱাই ইয়াৰ পূৰ্বে 2019 চনৰ ফেব্ৰুৱাৰীত অসমৰ প্ৰথমগৰাকী মহিলা উপ-মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰিছিল ৷ তেওঁ টুইটাৰত এটা পোষ্ট কৰি অসমৰ প্ৰথমগৰাকী মহিলা আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰি সন্তোষ ব্যক্ত কৰে ৷

লগতে পঢ়ক : First Omicron case in Manipur : মণিপুৰত ধৰা পৰিছে অ’মিক্ৰণৰ প্ৰথমটো ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.